তলাবন্ধৰ মাজতে বহি:ৰাজ্য আৰু বিদেশলৈ ৰপ্তানি অব্যাহত ৰাজ্যৰ শাক-পাচলি

WhatsApp Image 2020 04 28 at 1.41.24 PM

দেশজুৰি বলবৎ হৈ থকা তলাবন্ধৰ মাজতে বহি:ৰাজ্য আৰু বিদেশলৈ অব্যাহত আছে ৰাজ্যৰ শাক-পাচলি ৰৰপ্তানি | দেওবাৰে খানাপাৰা উদ্যান শস্য সঞ্চালকালয় চৌহদৰ পৰা মণিপুৰলৈ প্ৰেৰণ কৰা হয় তিনি মেট্ৰিক টন পাচলি। ইয়াৰ পূৰ্বেও লকডাউনৰ সময়ছোৱাত ট্ৰাকযোগে মণিপুৰলৈ প্ৰেৰণ কৰা হৈছে কে’বা ট্ৰাক পাচলি। মণিপুৰৰ উপৰি অসমত উৎপাদন হোৱা ফলমূল আৰু পাচলি প্ৰেৰণ কৰা হৈছে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, পশ্চিমবংগ, ত্ৰিপুৰা, ৰাজস্থান, বিহাৰ, উত্তৰ প্ৰদেশলৈ। বিহাৰলৈ প্ৰেৰণ কৰা হৈছে ৰাজ্যৰ শাক পাচলি উপৰি তেঁতেলী আৰু মাকৈ।

 

সোমবাৰে সন্ধিয়া কৃষি মন্ত্ৰী অতুল বৰা আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ  মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে ৰাজ্যৰ বিভিন্ন জিলা, বহিঃৰাজ্যৰ লগতে বিদেশলৈ প্ৰেৰণৰ বাবে সাজু কৰি থোৱা নিউ গুৱাহাটীৰ পাচলি আৰু ফল-মূলৰ এটা ভঁৰাল পৰিদৰ্শন কৰি  সমগ্ৰ পৰিবহন ব্যৱস্থাৰ অগ্ৰগতিৰ বুজ লয়। এই সংক্ৰান্তত মন্ত্ৰী বৰাই কয় যে আজিলৈকে ৰাজ্য খনত তলাবন্ধৰ সময়চোৱাত ২১০ কোটি টকাৰ পাচলি বিক্ৰী হৈছে । ইয়াৰে ১১৩ কোটি টকাৰ পাচলি ৰাজ্য খনৰ ভিতৰত বিক্ৰী হোৱাৰ বিপৰীতে ৯৭কোটি টকাৰ মূল্যৰ পাচলি প্ৰেৰণ কৰা হৈছে বহিঃৰাজ্যলৈ। এতিয়াও যি সকল কৃষকৰ পথাৰত বিপননযোগ্য পাচলি সাজু হৈ আছে সেই সকল কৃষকক অতি শীঘ্ৰেই জিলাৰ উপায়ুক্ত বা জিলা উন্নয়ন আয়ুক্ত বা জিলা কৃষি বিষয়াৰ স’তে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে |নাইবা কৃষি সঞ্চালকালয়ত থকা নিয়ন্ত্ৰণ কক্ষৰ টেলিফোন নম্বৰ ০৩৬১-২৩৩২২১৫ ত যোগাযোগ কৰিবলৈ বিভাগীয়ভাৱে অনুৰোধ জনোৱা হৈছে কৃষকসকলক।

Exit mobile version