দ্ৰোণৰ সহায়ত বিজাণুনাশক কৰা হৈছে বাৰণসীক

5313ca415391be4796a553fad83632f3

বাৰাণসীৰ স্মাৰ্ট চিটি অভিযানৰ অধীনত নিৰ্বাচিত কিছুমান বিপজ্জনক ঠাইত দ্ৰোণৰ সহায়ত বিজাণুনাশক ছটিওৱাৰ হৈছে। তলাবন্ধৰ সময়ছোৱাত পৰিৱহণৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই দ্ৰোণসমূহ এয়াৰ ইণ্ডিয়াৰ কাৰ্গো বিমানৰ যোগেদি বিশেষভাৱে চেন্নাইৰপৰা বাৰাণসীলৈ অসামৰিক বিমান মন্ত্ৰীলয়ৰ বিশেষ অনুমতি সাপেক্ষে অনা হৈছে। সাতজনীয়া  দলে এটাই ১৭ এপ্ৰিলত দুখন দ্ৰোণৰ সহায়ত এই কাম পৰীক্ষামূলকভাৱে  সম্পাদন কৰিছে।

 

জিলা প্ৰশাসক আৰু মূখ্য স্বাস্থ্য বিষয়াই চিনাক্ত কৰি দিয়া হটস্পট আৰু কন্টেইনমেন্ট অঞ্চলত অগ্ৰাধিকাৰ ভিত্তিত দ্ৰোণৰ সহায়ত বিজাণুনাশক ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে।তাৰ পিছত আচুতীয়া অঞ্চল, আশ্ৰয়গৃহ তথা হাতেৰে ছটিওৱাৰ অসুবিধা থকা ঠাইত বাৰাণসী নগৰ নিগমৰ বিষয়াসকলৰ সিদ্ধান্ত অনুসৰি বিজাণুনাশক ছটিওৱাৰ ব্যৱস্থা কৰা হ’ব বুলি সংশ্লিষ্ট পক্ষই উল্লেখ কৰিছে ।  উল্লেখ্য যে অভিজ্ঞ দ্ৰোণ চালকে ৰিম’টেৰে উৰণৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ চাৰিডাল পাইপেৰে বিজাণুনাশক ছটিওৱাৰ ব্যৱস্থা কৰিছে।

 

দ্ৰোণৰ উৰণ পথ তথা ই সামৰি লোৱা অংশক এক হাতেৰে চলোৱা ৰিম’টৰ লগত সংযুক্ত জি আই এচ মেপযুক্ত ডিভাইচেৰে নিয়ন্ত্ৰণ আৰু ৰেকৰ্ড কৰা হৈছে।দ্ৰোণৰ কাৰ্যকলাপ এখন বাহনৰপৰা জি পি এচ আৰু জি এচ এম ভিত্তিক কেমেৰাৰে নিৰীক্ষণ কৰা হৈছে আৰু এই সমগ্ৰ ব্যৱস্থাটো বৰ্তমান ক’ভিড-১৯ ৰ যুদ্ধক্ষেত্ৰত পৰিণত হোৱা কাশীৰ সংহত নিৰ্দেশ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰপৰা কেন্দ্ৰীয়ভাৱে নিৰীক্ষণ কৰা হৈছে। প্ৰত্যেকটো নিৰ্দিষ্ট অঞ্চলত বিজাণুনাশক ছটিওৱাৰ আগত আৰু পিছত চেনিটেৰী ইনস্পেক্টৰ আৰু দলৰ সদস্যসকলে সংযোগী বিষয়াক খবৰ দিছে। সংশ্লিষ্ট পক্ষই উল্লেখ কৰামতে সমগ্ৰ প্ৰক্ৰিয়াটোৰ এদিনত মুঠ ব্যয় সামৰি লোৱা মুঠ পৰিসৰৰ ওপৰত ভিত্তি কৰি প্ৰায় ৮০০০ৰ পৰা ১২০০০ টকা হ’ব।

Exit mobile version