যোৰহাট নগৰৰ মাজ মজিয়াত প্ৰকাণ্ড অজগৰ উদ্ধাৰ 

jorhat

যোৰহাট চহৰৰ মাজ মজিয়াৰ জেইল ৰোডৰ সমীপত এটা অজগৰ উদ্ধাৰ হোৱাক লৈ সম্প্ৰতি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰায় ১০ ফুট দীঘল বৃহৎকায় অজগৰটো আজি পুৱা উদ্ধাৰ হয় জেইল ৰ’ড নিবাসী তথা প্ৰাক্তন সাংবাদিক দেৱেন্দ্ৰ নাথ বৰাৰ ঘৰৰ ষ্ট’ৰ ৰূমত । পুৱা বৰাৰ পত্নীয়ে গেৰেজটোত সোমাই কিবা কাম কৰা অৱস্থাতে কেছীত ওলমি থকা অজগৰটোৱে মহিলাগৰাকীৰ মূৰত আঘাত কৰে ৷

লগে লগে অজগৰ সাপটো প্ৰত্যক্ষ কৰাত বন বিভাগক খবৰ দিয়ে ৷ লগতে মহিলাগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰা হয় । ইতিমধ্যে তেওঁ বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷ ইফালে উদ্ধাৰ হোৱা অজগৰটো গিবন অভয়াৰণ্যত মুকলি কৰি দিয়া হয়। উল্লেখযোগ্য যে অতিশয় ঘন জন বসতিপূৰ্ণ অঞ্চলটোলৈ ক’ৰ পৰা বৃহৎ অজগৰটো আহিল সেই লৈ বন বিভাগ বিপাঙত পৰিছে ৷

Exit mobile version