সোমাবাৰে মহানগৰীৰ আদাবাৰীত সংঘটিত হয় এক অগ্নিকাণ্ড

WhatsApp Image 2020 04 28 at 2.12.43 PM

ৰাজধানী  মহানগৰীৰ জালুকবাৰী আৰক্ষী থানাৰ অধীনস্থ আদাবাৰী তিনিআলিত সোমাবাৰে সংঘটিত এক অগ্নিকাণ্ডৰ ফলত দুখন দুচকীয়া বাহনসহ বহু সা–সামগ্রী ভস্মীভূত হয় ৷ বন্ধ অৱস্থাত থকা আদাবাৰী তিনিআলিস্থিত গুপ্তা গেৰেজত  হঠাতে জুইৰ সূত্রপাত হোৱাত  জুইৰ লেলিহান শিখাই মুহূর্ততে গেৰেজ আৰু গেৰেজ সংলগ্ন গুদাম ঘৰটো আৱৰি ধৰে ৷ অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত  পাণ্ডু অগ্নির্বাপক বাহিনীৰ দুখন বাহনে উপস্থিত হৈ প্রায় এঘণ্টাজোৰা  প্ৰচেষ্টাত জুই নির্বাপণ কৰিবলৈ সক্ষম হয় ৷

ADVERTISEMENT

উল্লেখ্য যে এই অগ্নিকাণ্ডৰ ফলত গেৰেজটোত থকা দুখন স্কুটী আৰু গুদাম ঘৰৰ বহু সা–সামগ্রী ভস্মীভূত হয়৷ অগ্নিকাণ্ডৰ প্রকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বর্ট শ্বার্কিটৰ ফলতে সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে ৷

Exit mobile version