ৰেড জ’নক বাদ দি গ্ৰামাঞ্চলৰ দোকান খোলাৰ অনুমতি 

22 03 18 Guwahati Chandra Mohan Patowary PMT 1
অসমত ক’ভিড ১৯ ৰ সংক্ৰমণ সীমাবদ্ধৰূপত থকাৰ পৰিপ্ৰেক্ষিতত চলিত তলাবন্ধ প্ৰাথমিকভাৱে গ্ৰামাঞ্চলত শিথিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ অৱশ্যে ৰেড জ’ন অঞ্চলক বাদ দি আৰু তেনে অঞ্চলৰ প্ৰভাৱ নপৰাকৈ এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব ৷ ৰেড জ’ন অঞ্চলত বৰ্তমানৰ দৰেই তলাবন্ধ কঠোৰভাৱে বলবৎ হৈ থাকিব ৷ জনতা ভৱনত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ যিহেতু অসম গ্ৰাম্য অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য সেয়েহে গ্ৰামাঞ্চলক অগ্ৰাধিকাৰ দি উক্ত সিদ্ধান্ত গৃহীত কৰা হৈছে । ইয়াৰ বিপৰীতে চহৰ নগৰ অঞ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়া অহা তিনি মে’ত পৰ্যালোচনা কৰা হ’ব বুলি জনায় মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷
আনহাতে বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি
উল্লেখযোগ্য যে অসমত পাঁচখন ৰেড জ’ন হিছাপে চিহ্নিত জিলা আছে ৷ এই কেইখন হৈছে  ধুবুৰী, গোৱালপাৰা, নলবাৰী, গোলাঘাট আৰু মৰিগাঁও ৷ অৱশ্যে অহা দুই এদিনৰ ভিতৰতে ৰে’ড জনৰ জিলা হ্ৰাস পাব ৷ সম্প্ৰতি আন্তঃজিলা পৰিবহনৰ সময় সীমাও বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বৈঠকত ৷ সেই অনুসৰি ইয়াৰ সময়সীমা অহা দুই মে’লৈ বৃদ্ধি কৰা হৈছে ৷ বি টি এ ডিৰ ক্ষেত্ৰতো বৈঠকে সিদ্ধান্ত লয় । এই কথা সদৰী কৰি মন্ত্ৰী চন্দনমোহন পাটোৱাৰীয়ে কয় যে সকলো বিষয় পৰিষদখনৰ সাংবিধানিক মুৰব্বী হিচাপে ৰাজ্যপালৰ ওপৰত নিৰ্ভৰশীল তথাপি অসম চৰকাৰে কোনো বিকল্প ব্যৱস্থাৰে বি টি এ ডিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব নেকি সেই বিষয়ে প্ৰস্তাৱ নিৰ্বাচন আয়োগে দিব ৷ আনহাতে বৈঠকত ৰাজহ বৃদ্ধিৰ উদ্দেশ্য সুৰাৰ ওপৰত আৰোপিত কৰৰ পৰিমাণ ২০ শতাংশ পৰ্যন্ত বৃদ্ধিৰ প্ৰস্তাৱ কৰা হয় ।
Exit mobile version