কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ দেশৰ প্ৰতিখন ৰাজ্য চৰকাৰে বিশেষ কঠোৰতা অৱলম্বন কৰিছে।আন্তঃৰাজ্যিক সীমান্ত বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত আপোচ কৰিব বিচৰা নাই কোনো এখন ৰাজ্যই ।এই ক্ষেত্ৰত নতুন অধিক কঠোৰ পন্থা অৱলম্বন কৰিছে তামিলনাডু চৰকাৰে।
তামিলনাডু-অন্ধ্ৰ প্ৰদেশ সীমান্তৰে যাতে কোনেও প্ৰৱেশ কৰিব নোৱাৰে তাৰবাবে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে এ আই এ ডি এম কে চৰকাৰে।কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ লক্ষ্যৰে তামিলনাডু চৰকাৰে দুয়োখন ৰাজ্যৰ সীমান্তত নিৰ্মাণ কৰিছে শক্তিশালী দেৱাল।
সাত ফুট উচ্চতাৰ এই দেৱাল নিৰ্মাণ কৰা হৈছে তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত।এই দেৱাল নিৰ্মাণৰ উদ্দেশ্য হৈছে অন্ধ্ৰৰ পৰা তামিলনাডুত যানবাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা ।দুয়োখন ৰাজ্যৰ মাজত যাতায়ত অব্যাহত ৰাখিব পৰাকৈ দুটি পথ বৰ্তমানো মুকলি কৰি ৰখা হৈছে।তামিলনাডু চৰকাৰে চিট্টুৰ-পান্নি পথ মুকলি কৰি ৰাখিছে বহিঃৰাজ্যৰ পৰা প্ৰৱেশ কৰা যান বাহনৰ বাবে ।
আনহাতে,চিট্টুৰ গুৰিয়াথাম পথ মুকলি কৰি ৰখা হৈছে তামিলনাডুৰ পৰা বহিঃৰাজ্যলৈ যাবলগীয়া যান বাহনৰ বাবে ।নিশ্চিতভাৱেই এনে কঠোৰতাৰ বাবে তামিলনাডুত অন্ধ্ৰৰ পৰা প্ৰৱেশ কৰা যানবাহনৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।ইয়াৰ স’তে তামিলনাডুত কৰ’না আক্ৰান্তৰ সংখ্যা হ্ৰাস কৰাৰো প্ৰশ্ন জড়িত হৈ আছে ।
তলাবন্ধৰ দ্বিতীয় পৰ্যায়তো কৰ’না আক্ৰান্তৰ সংখ্যা ৰাজ্যখনত হ্ৰাস নোপোৱাত ই কে পালনাস্বামীৰ চৰকাৰে ক্ৰমে অধিক কঠোৰ হ’বলৈ বাধ্য হৈছে।যানবাহনৰ প্ৰৱেশ হ্ৰাস কৰিব পাৰিলে কৰ’না সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে তামিলনাডু চৰকাৰে।
ADVERTISEMENT