কৰ’নাত আক্ৰান্ত অসমৰ আঠজন চি আৰ পি এফৰ জোৱানক কোৱাৰেন্টাইন

ক’ভিড ১৯ ভাইৰাছত আক্ৰান্ত হৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত কৰ্মৰত অসমৰ এজন বিষয়াই কালি মৃত্যুক আকোঁৱালি লোৱাৰ পাছতে কৰ’নাত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ থকা অসমৰ আঠজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত কৰ্মৰত জোৱানৰ  লগতে পৰিয়ালসমূহত আতংকই বিৰাজ কৰিছে। উল্লেখযোগ্য যে যোৱা ২৪ এপ্ৰিলত আঠজনকৈ অসমৰ জোৱানৰ দেহত ক’ভিড১৯ বীজাণু ধৰা পৰাৰ পাছত দিল্লীৰ চৰকাৰে উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত চিআৰপিএফত কৰ্মৰত চানসাৰিৰ এজন জোৱানে টেলিফোনিক বাৰ্তালাপত কয়,” আমাৰ দেহত ২৪ এপ্ৰিলতে কৰ’না ভাইৰাছ ধৰা পৰিছিল । দিল্লীৰ মনজুলি জেইল নামৰ ঠাইত দিল্লী পুলিচে কোৱাৰেন্টাইনত ৰাখিছে। দিল্লীৰ লৰেলাত আমাক প্ৰথম কোৱাৰেন্টাইন কৰা হৈছিল। কৰ’না পজিটিভ পোৱাত আমাক ইয়ালৈ লৈ আনে ৷আমাক চিকিৎসালয়লৈ নিয়া নাই ৷যোৱাকালি আমাৰ এজন ঢুকাল ৷তেওঁ আক্ৰান্ত হোৱাৰ পিছত চিকিৎসালয়লৈ নিয়া হৈছিল ।আমি ইয়াতে অসমীয়া ল’ৰা আঠজন আছে ।সকলোৰে পজিটিভ ৷পজিটিভ পোৱাৰ লগে লগে আমাক ইয়ালৈ লৈ আহি বিল্ডিঙত আনি থৈ দিছে ।অসম চৰকাৰলৈ আহ্বান আমাক লৈ গৈ চিকিৎসা প্ৰদান কৰক ।দিল্লীৰ চিকিৎসা ভাল নহয়। আমি অসমতে চিকিৎসা গ্ৰহণ কৰিব পাৰোঁ ।মই ডিচেম্বৰত চুটিত ঘৰলৈ গৈ এক ফ্ৰেব্ৰুৱাৰীত দিল্লীত যোগদান কৰিছিলো।
ইফালে জোৱানজন কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত ভাগি পৰিছে কামৰূপ জিলাৰ চানসাৰি থানাৰ অন্তৰ্গত আঠিয়াবৰত থকা পৰিয়ালৰ লোক। জোৱানজনৰ পত্নীয়ে কান্দি কান্দি অসম চৰকাৰলৈ আহ্বান জনায় কয়” তেওঁৰ দিল্লীৰ ময়ূৰ বিহাৰত থকা ৩১ নম্বৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত জোৱান হিচাপে কৰ্মৰত আছিল। কৰ”না পজিটিভ পাই কোৱাৰেন্টাইনত থকা বুলি কৈছে ।মই চৰকাৰক আহ্বান জনাইছো অসমলৈ আনি চিকিৎসা প্ৰদান কৰক ৷তেওঁলোকৰ ওচৰলৈ চিকিৎসক যায় যদিও সম্পূৰ্ণৰূপে চিকিৎসা পোৱা নাই ।তেওঁ লগত কথা পাতিছো বহু ভয় খাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ কৰিছো যাতে তেওঁক অসমলৈ লৈ আহে ।”
Exit mobile version