কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা বৰবৰীৰ চি আৰ পি এফৰ বিষয়া জানাজা দিল্লীত সম্পন্ন

COVID 19 Assam CRPF jawan dies Delhi
মহামাৰী কৰ’নাত আক্ৰান্ত হৈ কালি মৃত্যু হোৱা সৰুপেটাৰ বৰবৰী গাঁৱৰ চি আৰ পি এফ ৰ উপ পৰিদৰ্শক আক্রাম হুছেইনৰ আজি দিল্লীত দিনৰ ১২ বজাত জানাজা সম্পন্ন কৰে। চি আৰ পি এফ বিষয়াজনৰ মৃত্যুৰ খবৰ লাভ কৰি পৰিয়ালৰ লোকসকল শোকত ম্ৰিয়মান হৈ পৰাৰ লগতে সৰুপেটাৰ বৰবৰীতগভীৰ শোকৰ ছাঁ বিয়পি পৰে। পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিবলৈ কালি নিশা বজালী মহকুমাৰ মহকুমাধিপতি আৰু মহকুমা আৰক্ষী বিষয়াই বৰবৰীৰ বাসভৱনত উপস্থিত হোৱাত ইক্রাম হুছেইনৰ পত্নী মাজিদা বেগম, পুত্ৰ মৃদুল হুছেইন, আজাহাৰ হুছেইন আৰু আত্মীয় স্বজনে শেষবাৰৰ বাবে মৃতকৰ মুখখন দেখুওৱাৰ ব্যৱস্থা কৰিব লাগে বুলি চৰকাৰক কাতৰ অনুৰোধ কৰে। মহামাৰী কৰ’নাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে লোৱা সতৰ্কতামূলক ব্যৱস্থাৰ নীতি নিয়ম অনুসৰি পৰিয়ালৰ অনুৰোধ ৰক্ষা কৰাৰ বিপৰীতে আজি দিল্লীতে ইক্রাম হুছেইনৰ জানাজা সম্পন্ন কৰে। অৱশ্যে পৰিয়ালৰ লোকক শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে ভিডিঅ’ কলৰ জৰিয়তে চি আৰ পি এফৰ বিষয়া গৰাকীৰ জানাজা অনুষ্ঠান প্ৰদৰ্শন কৰায়।
ইপিনে, চি আৰ পি এফৰ বিষয়া গৰাকীৰ মৃত্যুত আজি বিজেপিৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰি প্ৰয়োজনীয় চৰকাৰী সহায় আগবঢ়োৱা হ ‘ব বুলি কয়। অন্যহাতে, মণ্ডলি কোৱাৰেণ্টাইন শিবিৰত থকা বাক্সাৰ জেংৰীপাৰাৰ অংকুৰ নাথ, টিয়কৰ দেৱজিৎ বৰুৱা , ডিব্ৰুগড়ৰ টোকেশ্বৰ বৰা, টিহু নলবাৰীৰ প্ৰফুল্ল চন্দ্ৰ নাথ আৰু তামোলপুৰ ভাটপাৰাৰ মাণিক পাঠকৰ ক’ভিড১৯ পজিটিভ পোৱা গৈছে বুলি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
Exit mobile version