তলাবন্ধৰ সময়ছোৱাত আমি ঘৰতে আছো। পৃথিৱীবাসীৰ লগতে আমিও গৃহবন্দীত্ব মানি লৈছো, কিন্তু তাৰ বাবে দৈনন্দিন কামত কিছু ব্যাঘাত জন্মিছে। তলাবন্ধএ প্ৰথম দুই তিনিদিন কিছু অস্বস্তি পাইছিলোযদিও এতিয়া ভালেই পাইছোঁ। বৰঞ্চ পৰিয়ালৰ ইজনে সিজনক সময় দিব পাৰিছোঁ। অৱশ্যে এগৰাকী লেখিকা হিচাপে আগৰে পৰাই মই বেছিভাগ সময় ঘৰতে থাকোঁ। গতিকে মোৰ ক্ষেত্ৰত তলাবন্ধৰ বিশেষ প্ৰভাৱ পৰা নাই। তলাবন্ধৰ আগত মই যিদৰে আছিলোঁ, এতিয়া অৱশ্যে সেইদৰে থাকিব পৰা নাই। তলাবন্ধৰ মাজতো মই লেখা মেলা বা ঘৰুৱা কামত নিজকে ব্যস্ত ৰাখিছোঁ। কিন্তু আন্তৰিকতাৰে মই লেখা মেলা কৰিব পৰা নাই। লেখা মেলাৰ গতি কিছু পৰিমাণে মন্থৰ হৈছে। তাৰ মানে মনৰ ভিতৰখনত এটা চিন্তাই অহৰহ দোলা দি আছে। মোৰ বাৰু ঘৰতে থকাৰ অভ্যাস আছে, কিন্তু সমগ্ৰ বিশ্বত আজি নভবা- নিচিন্তা ধৰণৰ এক শংকা-অসুস্থ বাতাবৰণৰ সৃষ্টি হৈছে। ইয়াৰ বাবেই হয়তো তলাবন্ধৰ বাবে মনৰ ভিতৰত এক অস্বস্তি পাই আহিছোঁ। এই ধৰক কেতিয়ালৈ তলাবন্ধ অব্যাহত থাকিব? আৰু কিমান লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’ব? এনে ধৰণৰ প্ৰশ্নই মনৰ ভিতৰত অশান্তি কৰি থাকে। তথাপি মই ভাবো, নিশ্চয় আমাৰ ভাল দিন আহিব।
তলাবন্ধ ৰ মাজতো মোৰ দৈনন্দিন কাম হিচাপে প্ৰাৰ্থনা কৰা, লেখা-মেলা কৰা, ঘৰুৱা কাম, গান শুনা, সৰু সৰু ব্যায়াম কৰা, বাহিৰা কিতাপ পঢ়া আদি কামবোৰ কৰিছোঁ। কিন্তু মানুহৰ লগত যোগাযোগ নাইকিয়া হৈ পৰিছে। তলাবন্ধৰ বাবে মানুহৰে আহ জাহ নাইকিয়া হৈছে। এইবিলাক কথাই অৱশ্যে দুখ নিদিয়াও নহয়। আমি যেন তলাবন্ধৰ বাবে সাধাৰণ জীৱন হেৰুৱাই পেলাইছোঁ। নিজৰ লগতে সমাজৰ সুৰক্ষাৰ স্বাৰ্থত তলাবন্ধ সন্দৰ্ভত চৰকাৰে জাৰি কৰা সকলো নিৰ্দেশনা মানি লৈছোঁ। কিন্তু প্ৰথমাৱস্থাত মই ইয়াক লৈ অৱশ্যে বৰ বিশেষ গুৰুত্ব দিয়া নাছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে ভাৰতৰ অন্য ৰাজ্যত দুই-এজন লোক কৰনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লেও অসমত এজনো লোক আক্ৰান্ত নহ’ব বুলি প্ৰায় নিশ্চিত আছিলো। তথাপি কিন্তু মই ব্যক্তিগত ভাবে পূৰ্বৰে পৰা ইয়াক লৈ যথেষ্ট সাৱধানতা অৱলম্বন নকৰাকৈ থকা নাছিলো।
মই যোৱা ৭ মাৰ্চত ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আগৰতলালৈ গৈছিলো । তেতিয়াই মই মানুহৰ পৰা দূৰত্ব বজাই ৰখাৰ স্বাৰ্থতে কৰমৰ্দন কৰাৰ পৰিৱৰ্তে নমস্কাৰ দি উপস্থিত থকাসকলক অভিবাদন জনাছিলো । তেতিয়াই মাস্ক ব্যৱহাৰ কৰিছিলো। তৎসত্বেও অসমত কৰ’না ভাইৰাছ সংক্ৰমিত হ’ব বুলি ভবা নাছিলো। অৱশ্যে মই এতিয়াও আশাবাদী যে আমি সকলোৱে এই মহামাৰী জয় কৰিব পাৰিম। ইয়াৰ বাবে সকলোৱে নিজকে সুৰক্ষিত কৰিব লাগিব। নিজকে সুৰক্ষিত কৰাৰ স্বাৰ্থত সকলোৱে ঘৰতে থকাটো বিচাৰিম। এই মুহূৰ্তত চৰকাৰৰ নীতি-নিৰ্দেশনা সমূহ মানি চলিলে আমি কৰ’না বিৰোধী যুঁজত নিশ্চিতভাৱে সফল হম। আমাৰ নিজৰ বাবে পৰিয়ালৰ বাবে সকলোৱে চৰকাৰৰ নীতি-নিৰ্দেশনা বোৰ মানি চলিব লাগিব। পৰিবেশ এতিয়াও স্বাভাৱিক হোৱা নাই। ঘৰতে শাক-পাচলি বিক্ৰী কৰিবলৈ মানুহ আহে যদিও এতিয়া শাক-পাচলি ল’বলৈ সংকোচ হৈছে। ব্যক্তিগত ভাবে মাছ-মাংসৰ অভাৱ অনুভৱ হোৱা নাই। বৰঞ্চ নিৰামিষ খাই ভালহে লাগিছে। গেষ্ট্ৰিক-এচিডিটি ৰ পৰা হাত সাৰিব পাৰিছো । ফল-মূল এতিয়াও কিনা নাই। আটা, চাউল, দাইল, কিনি অনাৰ পাছত ২৪ ঘণ্টা পৰ্যন্ত ৰ’দত দিহে ঘৰৰ ভিতৰলৈ আনিছো । ব্লিচিং পাউদাৰেৰে ধুইহে শাক-পাচলি ভিতৰলৈ আনিছো। সাৱধানতাৰ বাবেহে এইখিনি কৰিছো। পাৰিলে সকলোৱে চুবুৰীয়া দুখীয়া মানুহক অলপ সহায় কৰাটো এই মুহূৰ্তত অত্যন্ত জৰুৰী। ব্যক্তিগতভাৱে মই কিছু লোকলৈ সামৰ্থ্য অনুসৰি সহায়ৰ হাত আগবঢ়াইছো।