অপ্ৰতিৰোধ্য ক’ভিড-১৯ বীজাণু সংক্ৰমণ ৰোধ কৰিবলৈ দেশজুৰি অব্যাহত থকা তলাবন্ধৰ মাজতে মঙ্গলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ’ক উইড’ড’ৰ স’তে টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে দুয়োগৰাকী নেতাই নিজ দেশ তথা বিশ্বত বিস্তৃত ক’ভিড-১৯ মহামাৰীৰ বিষয়ে আলোচনা কৰে ৷ ইণ্ডোনেছিয়ান ৰাষ্ট্ৰপতিয়ে দেশখনৰ ফাৰ্মাচিউটিকেল সামগ্ৰীৰ যোগানত ভাৰতে প্ৰদান কৰা সাহায্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক দুয়োখন দেশৰ মাজত চিকিৎসা সামগ্ৰীৰ যোগান নিৰৱচ্ছিন্ন ৰখাৰ বাবে ভাৰতৰ তৰফৰ পৰা যথাসম্ভৱ প্ৰয়াস কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷ দুয়োগৰাকী নেতাই পৰস্পৰৰ দেশত থকা নিজৰ নাগৰিকসকলৰ সমস্যাৰ বিষয়ে আলোকপাত কৰি এই সমস্যা সমাধানৰ বিষয়ে মতপোষণ কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিজনক আৰু দেশখনৰ জনসাধাৰণক ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
তলাবন্ধৰ মাজতে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ’ক উইড’ড’ৰ স’তে প্ৰধানমন্ত্ৰীৰ টেলিফ’নিক বাৰ্তালাপ
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONAJoko WidodoNarendra Modi
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026