অপ্ৰতিৰোধ্য ক’ভিড-১৯ বীজাণু সংক্ৰমণ ৰোধ কৰিবলৈ দেশজুৰি অব্যাহত থকা তলাবন্ধৰ মাজতে মঙ্গলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ’ক উইড’ড’ৰ স’তে টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে দুয়োগৰাকী নেতাই নিজ দেশ তথা বিশ্বত বিস্তৃত ক’ভিড-১৯ মহামাৰীৰ বিষয়ে আলোচনা কৰে ৷ ইণ্ডোনেছিয়ান ৰাষ্ট্ৰপতিয়ে দেশখনৰ ফাৰ্মাচিউটিকেল সামগ্ৰীৰ যোগানত ভাৰতে প্ৰদান কৰা সাহায্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক দুয়োখন দেশৰ মাজত চিকিৎসা সামগ্ৰীৰ যোগান নিৰৱচ্ছিন্ন ৰখাৰ বাবে ভাৰতৰ তৰফৰ পৰা যথাসম্ভৱ প্ৰয়াস কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷ দুয়োগৰাকী নেতাই পৰস্পৰৰ দেশত থকা নিজৰ নাগৰিকসকলৰ সমস্যাৰ বিষয়ে আলোকপাত কৰি এই সমস্যা সমাধানৰ বিষয়ে মতপোষণ কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিজনক আৰু দেশখনৰ জনসাধাৰণক ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
তলাবন্ধৰ মাজতে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ’ক উইড’ড’ৰ স’তে প্ৰধানমন্ত্ৰীৰ টেলিফ’নিক বাৰ্তালাপ
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONAJoko WidodoNarendra Modi
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025