তলাবন্ধৰ মাজতে দেশজুৰি অব্যাহত আছে ঘেঁহু চপোৱাৰ কাম

climate extremes wheat crop melissa askew unsplash 1200

তলাবন্ধৰ মাজতো সমগ্ৰ দেশত তৎপৰতাতে অব্যাহত ৰখা হৈছে ঘেঁহু চপোৱাৰ কাম ৷ কৃষক আৰু শ্ৰমিসকলে শস্য চপোৱাৰ ক্ষেত্ৰত বিশেষ পৰিচালন পদ্ধতিৰ সহায় লৈছে ৷ ভাৰত চৰকাৰৰ কৃষি, সহযোগিতা আৰু কৃষক কল্যান বিভাগেৰাজস্যসমূহৰ কৃষক আৰু কৃষি শ্ৰমিকসকলৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত তথা কৰ’না ভাইৰাছ প্ৰতিৰোধৰ লক্ষ্যৰে বিশেষ পৰিচালন পদ্ধতিৰ ব্যাপক প্ৰচলন কৰিছে ৷ ৰাজ্যসমূহৰ  তথ্য অনুসৰি মধ্যপ্ৰদেশত ৯৮-৯৯%, ৰাজস্থানত ৯২-৯৫%, উত্তৰ প্ৰদেশত ৮৫-৮৮%, হাৰিয়ানাত ৫৫-৬০%, পাঞ্জাৱত ৬০-৬৫% আৰু অন্যান্য ৰাজ্যসমূহত ৮৭-৮৮% ঘেঁহু চপোৱাৰ কাম সম্পন্ন হৈছে ৷

ইফালে, ২০২০-২১ ৰবি বৰ্ষত মূল্য সমৰ্থিত আঁচনিৰ অধীনত কৃষকৰ পৰা ন্যূনতম সমৰ্থিত মুল্যত মাঁহজাতীয় আৰু তৈলবীজ সংগ্ৰহৰ কাম কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ৰাজস্থান, মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাত চলি আছে৷ সেই হিচাপে পাঁচখন ৰাজ্য ক্ৰমে- অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু উত্তৰপ্ৰদেশত ৭২,৪১৫.৮২ মেট্ৰিক টন বুট সংগ্ৰহ কৰা হৈছে৷ একেদৰে, সাতখন ৰাজ্য ক্ৰমে-তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আৰু ওড়িশাত ১,২০,০২৩.২৯ মেট্ৰিক টন ৰহৰ দাইল সংগ্ৰহ কৰা হৈছে৷ তিনিখন ৰাজ্য ক্ৰমে ৰাজস্থান, উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাত ১৮৩,৪০০.৮৭ মেট্ৰিক সৰিয়হৰ সংগ্ৰহ কৰা হৈছে৷ ৰাষ্ট্ৰীয় উদ্যান শস্য পৰিষদে দেশৰ স্বীকৃতিপ্ৰাপ্ত ৬১৮খন নাৰ্ছাৰীৰ পৰা ফল-মুল আৰু শাক-পাচলিৰ পুলি সংগ্ৰহ কৰি ভাৰতীয় উদ্যান শস্য সংঘ, সামগ্ৰীভিত্তিক খেতিয়ক সংস্থা, ৰাজ্যিক উদ্যান অভিযান, এন এইছ বিৰ ৰাজ্যিক কাৰ্যালয় আৰু সকলো অংশীদাৰলৈ ৰোপণ কৰাৰ বাবে প্ৰেৰণ কৰিছে ৷

Exit mobile version