ত্ৰুটিপূৰ্ণ পৰীক্ষা কিটঃ ভাৰতকে ওলোটাই দোষাৰোপৰ চেষ্টা চীনৰ

image
বিশ্বজুৰি মাৰাত্মক কৰ’না ভাইৰাছ বিয়পি পৰা কাৰণে বিভিন্ন দেশে চীনৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোঁৱাইছে। ইয়াৰ পাছতে এই ভাইৰাছক চিনাক্তকৰণৰ বাবে চীনে বিশ্বৰ বিভিন্ন দেশক বিক্ৰী কৰা ৰেপিড টেষ্ট কিট ত্ৰুটিপূৰ্ণ বুলি ক্ৰয় কৰা দেশসমূহে অভিযোগ উত্থাপন কৰাৰ সময়তে ভাৰততো একে অভিযোগ উত্থাপন হয় ৷চুবুৰীয়া ত্ৰুটিযুক্ত কিট বিক্ৰী কৰি ভাৰতক প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰিছে ।
চীনৰ পৰা ইতিমধ্যে ভাৰতলৈ আমদানি হোৱা এনে কিট উপযুক্ত নহয় বুলি আই চি এম আৰে প্ৰতিবেদন দি ইয়াৰ জৰিয়তে পৰীক্ষা বন্ধ কৰিছে ৷ভাৰতে কীটৰ জৰিয়তে সকলো পৰীক্ষা অথলে যোৱাৰ উপক্ৰম ঘটাত চীনৰ পৰা কীট ক্ৰয় নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰি চুবুৰীয়া দেশখনক অৱগত কৰে। ইয়াৰ পাছতে ভাৰতত ত্ৰুটিপূৰ্ণ ৰেপিড টেষ্ট কিট প্ৰেৰণৰ অভিযোগ খণ্ডন কৰে চীনে।
চীনৰ দাবী অনুসৰি গুণগত মান পৰীক্ষা কৰিহে ইউৰোপ আৰু লেটিন আমেৰিকাৰ বহু দেশলৈ চীনে কিট প্ৰেৰণ কৰিছে ৷ ভাৰতত কৰ’নাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত ৰোগ নিৰ্ণয় যাতে সম্ভৱ হয় তাৰ বাবে ২৭ মাৰ্চত পাঁচ লাখ এন্টিবডী ৰেপিড টেষ্ট কিটৰ বাবে চীনক অৰ্ডাৰ দিয়ে ভাৰত চৰকাৰে। সেইসমূহ লাভ কৰাৰ পাছত দেখা যায় যে কিটবোৰে সঠিকভাৱে কাম কৰা নাই ।বিভিন্ন ৰাজ্যৰ পৰা এই সম্পৰ্কত অভিযোগ উত্থাপন হ’বলৈ ধৰিলে। আই চি এম আৰে অৱশেষত ৰাজসমূহক কিটসমূহ ওভতাই দিবলৈ কয় ৷
ইয়াৰ পাছত চীনৰ পৰা কিট ক্ৰয়ৰ সিদ্ধান্ত বাতিল কৰে ভাৰত চৰকাৰে ।এই পৰিস্থিতিত চীনে গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ এই সম্পৰ্কত চীনৰ দূতাবাসৰ মুখপাত্ৰ জি ৰঙে কয়” সঠিকভাৱে পৰীক্ষা নকৰি দায়িত্বজ্ঞানহীনতাৰ দৰে চীনৰ পণ্যক ত্ৰুটিপূৰ্ণ বুলি চেকা লগোৱা হৈছে। আই চি এম আৰৰ সিদ্ধান্তত আমি উদ্বিগ্ন। চীনে ৰপ্তানি কৰা চিকিৎসা সামগ্ৰীৰ ক্ষেত্ৰত বৃহৎ গুৰুত্ব আৰোপ কৰে ।কিন্তু চীনৰ কিটৰ ক্ষেত্ৰত ভাৰত চৰকাৰ লোকচানৰ সন্মুখীন নহয়। ভাৰতৰ লগতে বিশ্বৰ অন্যান্য দেশে চীনৰ কিটক লৈ প্ৰশ্ন উত্থাপন কৰিলেও চীনে সম্প্ৰতি সকলো অভিযোগ খণ্ডন কৰিছে ৷মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে চীন প্ৰেৰণ কৰা টেষ্টৰ কিটৰ গুণগত মানক লৈ ব্ৰিটেইনেও প্ৰশ্ন উত্থাপন কৰিছিল ৷লগতে স্পেইন,চেক গণতন্ত্ৰ,জৰ্জিয়া,নেডাৰলেণ্ড,তুৰস্ক আদি দেশেও একে অভিযোগ উত্থাপন কৰে।
Exit mobile version