আঠগাঁৱৰ মথাউৰি নিৰ্মাণ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

image5b5130c2 ed26 4151 9605 032af8e4f926
সমাগত বাৰিষাত ভয়ৰ কাৰণ নাই নৈ পৰীয়া ৰাইজৰ ৷ বতৰ ভাল থাকিলে দহ পোন্ধৰ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব ৰাজ্যৰ নিৰ্মীয়মাণ মথাউৰিৰ কাম ৷ আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত আঠগাঁৱত এই মন্তব্য কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷আঠগাঁৱত পুঠিমাৰী নৈৰ নিৰ্মীয়মাণ মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰী গৰাকীয়ে কয় যে তলাবন্ধৰ কাৰণে ৰাজ্যত ভগ্ন মথাউৰি সমূহ নিৰ্মাণ কৰাত কিছু বিলম্ব হৈছিল যদিও বাৰিষাৰ পূৰ্বে সকলো মথাউৰিৰ কাম সম্পূৰ্ণ হৈ উঠিব ৷
আনহাতে মন্ত্ৰী মহন্তই কোনো ঠিকাদাৰে কামত বিলম্ব কৰিলে কঠোৰ ব্যৱস্থা কৰা হ’ব বুলি সকিয়াই দিয়ে ৷লগতে নৈ পৰীয়া ৰাইজৰ সুবিধাৰ্থে মথাউৰিতে ৰেম্পৰ ব্যৱস্থা সংযোজন কৰা হয় বুলি স্পষ্ট কৰে মন্ত্ৰী মহন্তই। কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাক লগত লৈ মন্ত্ৰীগৰাকীয়ে এই পৰিদৰ্শনত প্ৰতিটো ভগ্ন মথাউৰিৰ কাম বাৰিষাৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি সদৰি কৰে। মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন কালত কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য,কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড° অংকিতা শৰ্মা,জলসম্পদ বিভাগৰ ৰঙিয়া উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা গনেশ কলিতা উপস্থিত থাকে।
Exit mobile version