আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিক, শিক্ষাৰ্থী, পৰ্যটক স্বগৃহলৈ উভতিব পাৰিব

Screenshot 20200430 155012
দেশজুৰি তলাবন্ধৰ ফলত বিভিন্ন স্থানত আৱদ্ধ হৈ পৰা প্ৰব্ৰজিত শ্ৰমিক তথা আৱদ্ধ আন লোকসকললৈ কেন্দ্ৰীয় চৰকাৰে সকাহৰ বতৰা দিলে ৷ এই সন্দৰ্ভত কেন্দ্ৰই কয় যে ক’ভিড-১৯ক প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰজোৰা তলাবন্ধৰ ফলত আৱদ্ধ হৈ থকা এনে লোকসকলক নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে ঘৰলৈ যাবলৈ দিয়া হ’ব । অৱশ্যে এনে আৱদ্ধ প্ৰব্ৰজনকাৰী শ্ৰমিক,ছাত্ৰ ছাত্ৰছাত্ৰী,তীৰ্থযাত্ৰী অথবা পৰ্যটকৰ শৰীৰত কৰ’না ভাইৰাছৰ কোনো লক্ষণ থাকিব নালাগিব । এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে ৰাজ্য চৰকাৰক ন’ভেল কৰ্তৃপক্ষ নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে । কেন্দ্ৰৰ নিৰ্দেশ অনুসৰি যিসকল লোক ঘৰলৈ যাব তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব । আৰু যাৰ  কোনো উপসৰ্গ নাই তেওঁলোকহে ঘৰলৈ যাব পাৰিব । এই লোকসকল গন্তব্যস্থানত পোৱাৰ পিছত ১৪ দিন কোৱাৰেন্টাইনত থাকিব লাগিব । অৱশ্যে প্ৰয়োজন হ’লে প্ৰশাসনে কোৱাৰেন্টাইন শিবিৰত থাকিবলৈ পৰামৰ্শ দিব পাৰে ।
এই লোকসকলৰ কাৰণে আন্তঃৰাজ্যিক বাছৰ ব্যৱস্থা কৰা হ’ব আৰু তেওঁলোকৰ ভ্ৰমণৰ সময়ত ছেনিটাইজাৰ কৰাৰ ব্যৱস্থা থাকিব লাগিব । ন’ভেল কৰ্তৃপক্ষই তেওঁলোকৰ ৰাজ্যত আৱদ্ধ হৈ থকা লোকৰ তালিকা প্ৰস্তুত কৰিব লাগিব । লগতে ৰাজ্যসমূহে নিজৰ মাজতে এই সন্দৰ্ভত আলোচনা কৰিব লাগিব। অহা তিনি মে’লৈ মাজত মাত্ৰ কেইটামান দিন। এনে সময়তে দেশৰ উচ্চতম ন্যায়ালয়ে ক’ভিড১৯ত আক্ৰান্ত নোহোৱা প্ৰব্ৰজিত লোকসকলক ঘৰলৈ উভতিবলৈ দিব লাগে বুলি দাখিল কৰা একাধিক আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক সহাঁৰি জনাবলৈ বুধবাৰে দিয়া নিৰ্দেশৰ পিছতেই কেন্দ্ৰই এই পদক্ষেপ লয় । ইতিমধ্যে উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যই হাৰিয়ানাৰ পৰা ১২ হেজাৰ অধিক শ্ৰমিকক নিজ ৰাজ্যলৈ ওভতাই আনিছে ৷
Exit mobile version