একেসময়তে দুজনকৈ বলীউডৰ মহীৰূহক হেৰুৱাই শোকত ভাগি পৰিছে বিশ্বৰ লগতে দেশৰ চলচ্চিত্ৰপ্ৰেমীসকল। একেটা সপ্তাহৰ বুধবাৰে ইৰফান খান আৰু আজি অৰ্থাৎ বৃহস্পতিবাৰে বলীউডৰ আন এজন অভিনেতা ঋষি কাপুৰৰ মৃত্যুক যেন কোনো অনুৰাগীয়ে সহজভাৱে ল’ব পৰা নাই ৷ এফালে কৰ’না ভাইৰাছৰ সন্ত্ৰাস আৰু আনফালে দুজন প্ৰিয় অভিনেতাৰ মৃত্যু যেন আমাৰ সকলোৰে কাৰণে অসহনীয় ৷ চিৰসেউজ অভিনেতা ঋষি কাপুৰৰ মৃত্যুৰ পিছত আজি দুপৰীয়া চন্দনবাৰী শ্মশানঘাটত অভিনেতাজনৰ অন্তিম সৎকাৰ কৰা হয় ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইৰ আৰক্ষীয়ে ঋষি কাপুৰৰ অন্ত্যোষ্টিক্ৰিয়াত মাত্ৰ ২৫ জন লোকক অংশ ল’বলৈ অনুমতি প্ৰদান কৰে। পত্নী নীতু সিং,ৰনবীৰ কাপুৰৰ উপৰিও কৰীনা কাপুৰ খান,অভিষেক বচ্চন,ঐশ্বৰ্য ৰায় বচ্চন,উদ্যোগপতি অনিল আম্বানি,আলিয়া ভাট,ৰীমা জৈন,মনোজ জৈন,আদৰ জৈন,অনীশা জৈন,বিমল পাৰীখ আদিয়ে অংশ লয় অন্ত্যোষ্টিক্ৰিয়াত ৷ ইফালে পিতৃৰ অন্তিম সংস্কাৰত উপস্থিত থাকিব নোৱাৰিলে ঋষি কাপুৰৰ কন্যা ৰিদ্ধিমা কাপুৰ ।
৩৯ বয়সীয়া ৰিদ্ধিমাই চাৰ্ডাড বিমানেৰে মুম্বাইলৈ আহিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত অনুমতি বিচাৰিছিল যদিও এই আবেদনত মঞ্জুৰী নাপালে ৰিদ্ধিমাই ।ইয়াৰ পিছত ৰিদ্ধিমাক দিল্লীৰ পৰা মুম্বাইলৈ পথৰে যাত্ৰা কৰিবলৈ অনুমতি দিয়ে মন্ত্ৰ্যালয়ে। কিন্তু ব্যক্তিগত বাহনেৰে দিল্লীৰ পৰা মুম্বাইলৈ প্ৰায় ১৪০০ কিলোমিটাৰ যোৱাৰ পিছত শুক্ৰবাৰেহে মুম্বাইত উপস্থিত হ’ব পাৰিব ৰিদ্ধিমা কাপুৰ। ইফালে ৰনবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়া দেখাৰ সপোনটো সপোন হৈয়ে ৰ’ল ঋষি কাপুৰৰ ৷এক সাক্ষাৎকাৰত ঋষি কাপুৰে কৈছিল” ৰনবীৰৰ ৩৫ বছৰ হ’ল ৷তেওঁ পছন্দৰ মতে বিয়া পাতিব পাৰে। তেওঁৰ সুখতেই মোৰ সুখ” ৷দৰাচলতে এটা সাক্ষাৎকাৰত ৰনবীৰ আৰু আলিয়াৰ সম্পৰ্কৰ কথা পিতৃ ঋষি কাপুৰক সোধোতে এই মন্তব্য দিছিল অভিনেতাজনে । এই সময়ত ঋষি কাপুৰৰ শোকসন্তপ্ত পৰিয়ালে সকলো অনুৰাগীক সামাজিক দূৰত্ব বজাই ৰাখি আইনক সন্মান কৰিবলৈ আহ্বান কৰিছে।
আহক জানো বলীউডৰ চিৰসেউজ অভিনেতাজনৰ কেইটামান উল্লেখযোগ্য দিশঃ
ADVERTISEMENT
- ১.১৯৫২ চনৰ ৪ ছেপ্তেম্বৰত মুম্বাইত জন্ম গ্ৰহণ কৰিছিল ঋষি কাপুৰে।
- মুম্বাইৰ চেম্পিয়ন স্কুল আৰু আজমীৰৰ মায়’ কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰে ঋষি কাপুৰে ৷
- মাত্ৰ তিনি বছৰ বয়সতে ঋষি কাপুৰে “প্যাৰ হুৱা,ইকৰাৰ হুৱা”ছবিৰ জৰিয়তে যাত্ৰা কৰে বলীউডলৈ ৷
- ১৯৭০ ত মুক্তি পোৱা পিতৃ ৰাজ কাপুৰৰ “মেৰা নাম জ্জোকৰ” ছবিৰ কাৰণে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় শিশু অভিনেতাৰ পুৰস্কাৰ লাভ কৰে ঋষি কাপুৰে ৷
- ইয়াৰ পিছত ঋষি কাপুৰে ১৯৭৩ ত অভিনেতা ডিম্পল কাপাড়িয়াৰ স’তে “ববী” ছবিখনৰ জৰিয়তে নায়কৰ চৰিত্ৰৰে অভিনয় জীৱনৰ পাতনি মেলে ৷ববী ছবিৰ জৰিয়তে ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰিছিল ঋষি কাপুৰে।
- ঋষি কাপুৰে ১৯৭৩-২০০০ চনৰ ভিতৰত প্ৰায় ৯২ খন ছবিত অভিনয় কৰে ।
- ঋষি কাপুৰৰ জনপ্ৰিয় ছবিসমূহৰ ভিতৰত “খেল খেল ম্যে”,কভি কভি”,”অমৰ আকবৰ এণ্ঠনী”,কৰ্জ”,চান্দনী, ৰাজা,লেইলা-মজনু,শ্বৰগম,প্ৰেম ৰোগ,কুলী,সাগৰ,ব’ল ৰাধা ব’ল, আদি ৷ইয়াৰ ভিতৰত ২০০৯ চনত মুক্তি প্ৰাপ্ত ছবি “লাভ আজ ক’ল” “অগ্নিপথ”,আৰু মুল্ক ছবিতো অভিনয় কৰে ঋষি কাপুৰে।
- ১৯৯৯ চনত আ’ অৱ লৌট চল্লে ছবিৰ জৰিয়তে ঋষি কাপুৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে ।
- দো দুনী ছাৰ” ছবিৰ কাৰণে ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বটাঁ লাভ কৰে ঋষি কাপুৰে ।লগতে ২০১৬ ত মুক্তি পোৱা “কাপুৰ এণ্ড চন্চ” ছবিৰ কাৰণে ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ সহকাৰী অভিনেতাৰ পুৰস্কাৰ লাভ কৰে ।
- অভিনয়ৰ যোগেৰে বলীউডলৈ আগবাঢ়োৱা অৱদানৰ কাৰণে ২০০৮ ত তেওঁক প্ৰদান কৰা হয় জীৱন জোৰা সাধনা বটাঁ।
- ঋষি কাপুৰৰ পৰিয়ালৰ ভিতৰত অভিনেতা আৰু পৰিচালক ৰাজ কাপুৰ আৰু কৃষ্ণা ৰাজ কাপুৰৰ দ্বিতীয় সন্তান ঋষি কাপুৰ । অৰ্থাৎ প্ৰসিদ্ধ কাপুৰ পৰিয়ালৰ সন্তান ঋষি কাপুৰ ৷ অভিনয় যেন তেওঁৰ তেজতেই আছে ৷
- ঋষি কাপুৰে ১৯৮০ ত নীতু সিঙৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁ নীতু সিঙৰ লগত বলীউডত বহুকেইখন ছবিত অভিনয় কৰিছিল ৷তেওঁলোকৰ দুটি সন্তান ৰিদ্ধিমা আৰু ৰনবীৰ কাপুৰ।