ছেপ্তেম্বৰত আৰম্ভ হ’ব কলেজৰ নতুন শ্ৰেণী

nationalherald 2019 07 e0401fd8 350e 4b6d a97c 054aa52668da ugc
তলাবন্ধৰ ফলত দেশৰ ছাত্ৰ ছাত্ৰছাত্ৰীৰ ভৱিষ্যত অনিশ্চিত হৈ পৰাৰ সময়তে বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউ জি চি)ঘোষণা কৰে যে অহা আগষ্টৰ পৰা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ পাঠদান আৰম্ভ হ’ব। আনহাতে নতুন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাদানৰ বাবে আৰম্ভ হ’ব ছেপ্তেম্বৰৰ পৰা ৷ কৰ’না ভাইৰাছৰ ফলত সৃষ্টি হোৱা সংকটৰ পৰিপ্ৰেক্ষিতত ইউ জি চিয়ে পৰীক্ষা আৰু শৈক্ষিক কেলেণ্ডাৰৰ বিতং গাইডলাইন প্ৰকাশ কৰি কয় যে জুলাইত চূড়ান্ত ষান্মাষিকৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব ৷ বৰ্তমান আৰু পূৰ্বৰ ষাণ্মাসিকৰ ভিত্তিত অন্তৰ্ৱৰ্তীকালীন ছাত্ৰ ছাত্ৰছাত্ৰীৰ গ্ৰেড দিয়া হ’ব ৷
যিসমূহ ৰাজ্যত ক’ভিড-১৯ৰ পৰিস্থিতি স্বাভাৱিক হৈ পৰে সেইসময়ত জুলাইত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। টাৰ্মিনেল ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰ ছাত্ৰীৰ বাবে জুলাইত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি ইউ জি চিয়ে স্পষ্ট কৰি দিয়ে ৷ তদুপৰি কয় য়ে বিশ্ববিদ্যালয়সমূহে তলাবন্ধৰ কালছোৱাত তেওঁলোকৰ কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল ক’ত আছিল অথবা যদি ভ্ৰমণ কৰিছে তেন্তে এই বিষয়ে বিতং তথ্য সংগ্ৰহ কৰিব পাৰে । ইপিনে এম ফিল আৰু পি এইচ ডিৰ শিক্ষাৰ্থীৰ ছমাহৰ সময়ৰ ম্যাদ বৃদ্ধি কৰা হ’ব তথা মৌখিক পৰীক্ষা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কৰা হ’ব । অৱশ্যে এই গাইডলাইনসমূহ পৰামৰ্শৰূপে বিবেচনা কৰিবলৈ ইউ জি চিয়ে স্পষ্ট কৰি দিয়ে আৰু কয় যে বিশ্ববিদ্যালয়সমূহে কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত নিজস্ব পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে ।
Exit mobile version