তলাবন্ধৰ অনুভৱ: হাইদৰ হুছেইন

haider hussain
বিগত বৰ্ষৰ ডিচেম্বৰতে চীনৰ উহান প্ৰদেশত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়তে আমেৰিকা , ইটালী, ফ্ৰান্স আদিৰ দৰে উন্নত ৰাষ্ট্ৰয়ো বিশেষ গুৰুত্ব দিয়া নাছিল। চলিত বৰ্ষৰ মাৰ্চৰ মাজভাগলৈ আমাৰ দেশতো চৰকাৰ, ৰাইজ তথা চিন্তাশীল লোকসকলেও কৰ’নাক বিশেষ গুৰুত্ব দিয়া নাছিল। দেশৰ কিছু ৰাজ্যত চৰকাৰ ভঙা-পতা, মন্দিৰ-মছজিদ-গীৰ্জাত চলিয়ে আছিল প্ৰাৰ্থনা সভা। দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত তবলিগি জামাতীসকলে অবিশ্বাস্যভাৱে দেশী-বিদেশী লোকৰে সনা-পোতোকাৰ মাজেৰে অব্যাহত ৰাখিছিল ধৰ্মালোচনা। মাৰ্চৰ শেষৰফালে কৰ’নাৰ ত্ৰাসে সমগ্ৰ বিশ্বকে কম্পমান কৰি তুলিছিল। জীৱনৰ প্ৰতি বীতশ্ৰদ্ধসকলে, জীয়া আৰু মৰাৰ প্ৰভেদ পাহৰি যোৱা ভোকাতুৰ মানুহে কেতিয়াবা কেতিয়াবা আত্মহত্যাৰ সিদ্ধান্তও গ্ৰহণ কৰে।
আজি কালি আমাৰ দেশত ইচ্ছামৃত্যুৰ বাবেও আগ্ৰহী লোকৰ সংখ্যা বাঢ়িছে। তৎসত্বেও প্ৰতিজন মানুহৰে জীয়াই থকাৰ বাসনা থাকে। মৃত্যুৰ আগদিনালৈকে এখন আকাংক্ষিত ঘৰ-সমাজ তথা আমাৰ মানুহৰ পৃথিৱীৰ কথা ভাবিয়েই, সকলোৱে জীয়াই থাকিব বিচাৰে। ময়ো এজন মানুহ। স্বাভাৱিকতে ইতিহাসে ঢুকি পোৱাৰ দিনৰে পৰা এনে ধৰণৰ বীজাণুৱে সমগ্র মানৱ জাতিক মৃত্যুভয়ৰ দ্বাৰা এনেভাৱে আতংকিত কৰিব পৰা নাছিল। সহজ অৰ্থত কোনো মানুহেই মৰিব নিবিচাৰে। বয়স বৃদ্ধিৰ পাছতো যিসকল লোকে সুস্থ জীৱন-যাপন কৰে, তেওঁলোকৰ মাজতো জীৱনত কৰিব নোৱাৰা কামবোৰ কৰাৰ স্পৃহা বাঢ়ে। গতিকে, সকলোৱে কম-বেছি পৰিমাণে আতংকগ্রস্ততাত ভোগাৰ দৰে ময়ো ভয় খাইছিলো। কিন্তু বিজ্ঞান আৰু মানুহৰ আশাশুধীয়া চেষ্টাই যিকোনো দুৰ্যোগকে পৰাভূত কৰাৰ ইতিহাসলৈ চাই মোকো এই কৰ’নাৰ বিৰুদ্ধে যুঁজাৰ সাহসী সৈনিক হ’বলৈ এই বয়সতো অনুপ্ৰেৰণা যোগাইছিল।
ধনকুৱেৰ আৰু শাসক- শোষকৰ কথা বেলেগ, কিন্তু সৰ্বসাধাৰণ মানুহে সীমিত সামৰ্থ্যৰে জীৱনত জয়ী হ’ব বিচাৰে । এয়া মানুহৰ স্বাভাৱিক প্ৰবৃত্তি । আমাৰ দেশ আৰু আমাৰ অসমখনো চৰকাৰে দেখুৱাব বিচৰাৰ দৰে, ধনী মানুহৰ দেশ নহয় । তলাবন্ধৰ মাজতো ভোকাতুৰ মানুহে সুযোগ পালেই, তলাবন্ধ বাধ্যবাধকতা পৰিহাৰ কৰি পা-পৰিয়ালৰ ওচৰলৈ যোৱাৰ বাবে হেতা-ওপৰাৰ দৃশ্যই আমাৰ দেশৰ সৰু সাধাৰণ শ্ৰমজীৱি মানুহৰ অৱস্থাৰ ছবিখন সুস্থৰূপত দাঙি ধৰে। আজিৰ তাৰিখতো চৰকাৰে স্বীকৃত ভাবে অকল অসমৰে চাৰি -পাঁচ লাখ শ্ৰমিক দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকাৰ কথা পোহৰলৈ আহিছে । আমি বিশ্বাস কৰো কৰ’নাৰ বিৰুদ্ধে যুঁজা যুদ্ধখন চৰকাৰে আৰু দেশৰ নাগৰিকৰ উমৈহতীয়া প্ৰচেষ্টাৰ মাজেৰে নিয়ন্ত্ৰণলৈ আহিব।
শেষত হয়তো বিজ্ঞানৰেই জয় হব। পৃথিৱীৰ সকলো প্ৰান্ততে বিয়পি পৰা এই ভাইৰাছ নিয়ন্ত্ৰিত হ’লেও বহুদিনলৈ অ’ত ত’ত এই ৰোগ সংক্ৰমিত হৈয়েই থাকিব। বিশ্বত নিবনুৱা সংখ্যা বাঢ়িব। আমাৰ দেশত ই ভয়ানক ৰূপ ল’ব । বাতৰি-কাকতত প্ৰকাশিত তথ্যৰ বিপৰীতে আমাৰ ৰাজ্যত উদ্যোগ, ব্যৱসায় আৰু ৰাজহুৱা খণ্ডত কৰ্ম সংস্থাপনৰ ক্ষেত্ৰখন অধিক সংকুচিত হৈ আহিছে। দেশৰ আৰু আমাৰ ৰাজ্যৰ অৰ্থনীতি ভাগি পৰিছে,উদং হৈ পৰিছে ৰাজভঁৰাল । এনে ক্ষেত্ৰত আগন্তুক দিনৰ পৰিস্থিতি চম্ভালাটো চৰকাৰ , ৰাইজ সকলোৰে বাবে বিৰাট প্ৰত্যাহ্বান হৈ দেখা দিব। আজি বিশ্বৰ মন্দিৰ-মছজিদ-গীৰ্জাত তলা লাগিছে। আজি কেৱল বিশ্ববাসীয়ে নহয়, চিনাকি ভগৱানেও গৃহবন্দী হ’বলৈ বাধ্য হৈছে। এনে পৰিপ্ৰেক্ষিততে নিৰাশাৰ মাজতো আশাৰ সপোনে আমাক ব্যতিব্যস্ত কৰি তুলিছে। সেয়ে আজিৰ সংকট কালত আমাকো জীৱনৰ অৰ্থ বিচাৰিবলৈ নতুনকৈ প্ৰেৰণা যোগাইছে।
ADVERTISEMENT
Exit mobile version