নগ্ন হৈ কৰ’না আক্ৰান্তক চিকিৎসা প্ৰতিবাদী জাৰ্মান চিকিৎসকৰ

coronavirus german doctors pose naked in protest at ppe shortages
সম্প্ৰতি কৰ’না ভাইৰাছৰ বিৰুদ্ধে ঢাল অবিহনেই যুদ্ধত অৱতীৰ্ণ হ’বলৈ বাধ্য হৈছে জাৰ্মানীৰ অধিকাংশ চিকিৎসকে।কিয়নো নিজক সুৰক্ষিত ৰখাৰ বাবে তেওঁলোকে কৰ্তৃপক্ষৰ পৰা লাভ কৰা নাই পি পি ই বা ব্যক্তিগত সুৰক্ষা সৰঞ্জাম।স্বাভাৱিকতে খৰ্গহস্ত হৈ পৰা এই চিকিৎসকসকলে সম্প্ৰতি কৰ’নাত আক্ৰান্ত ৰোগীৰ চিকিৎসা অব্যাহত ৰাখিলেও অভিনৱ পদ্ধতিৰে প্ৰতিবাদো সাব্যস্ত কৰিছে ।
কৰ’না ভাইৰাছৰ পৰা সুৰক্ষা কবচ ৰূপে প্ৰয়োজনীয় পোছাক আৰু সামগ্ৰীৰ অভাৱৰ বাবে নগ্ন হৈ বিক্ষোভ প্ৰদৰ্শন কৰিলে এদল চিকিৎসকে ।’ক’ভিড -১৯’ ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ সময়ত তেওঁলোকে নিজকে অসুৰক্ষিত বুলি অনুভৱ কৰিছে বুলি দাবী কৰিয়ে প্ৰতিবাদকাৰী চিকিৎসকসকলে এই প্ৰতিবাদৰ নাম ৰাখিছে ‘নগ্ন সংশয়’।উল্লেখ্য যে জানুৱাৰী ৰ পৰাই জাৰ্মানীত কৰ’না ভাইৰাছে উপদ্ৰৱ অব্যাহত ৰাখিছে ।
তেতিয়াৰ পৰাই পৰ্যাপ্ত পৰিমাণে পি পি ই বিচাৰি আবেদন জনাই আহিছিল জাৰ্মান চিকিৎসক সকলে।কিন্ত জাৰ্মান ফাৰ্ম সমূহে যি পৰিমাণৰ পিপিই সৰবৰাহ কৰিছে ,সেয়া প্ৰয়োজনৰ তুলনাত অনেক কম ।মাস্ক ,গগলছ,গ্লোভছ আৰু এপ্ৰ’নৰ সৰবৰাহ বৃদ্ধিৰ বাবে দাবী জনাই আহিছে জাৰ্মান চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে ।বহু স্থানত আকৌ পি পি ই চুৰি হোৱা ঘটনাও সংঘটিত হৈছে ।ইয়াৰ বাবে হাস্পতালসমূহত নিৰাপত্তা ব্যৱস্থাও বৃদ্ধি কৰা হৈছে ।
Exit mobile version