ৰাজ্যপালৰ শাসনৰ বিৰোধীতাৰে ন্যায়ালয়ৰ দ্বাৰস্থ বি পি এফ

IMG 20200427 WA0016
সাম্প্ৰতিক পৰিস্থিতিত বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল(বি টি চি) ত ৰাজ্যপালৰ শাসনৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বি পি এফ। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন নিৰ্বাচিত পৰিষদৰ কাৰ্যকাল বৃদ্ধিৰ পোষকতাৰে বি টি চি পৰিষদৰ উপাধ্যক্ষ নৰসিং বড়ো আৰু বি পি এফৰ কাৰ্যকৰী সদস্য জগদীশ চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ২১৪৩ নম্বৰত এখন লেখ আবেদন দাখিল কৰে। উক্ত লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি বি টি চিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনৰ বাবে যোৱা ২৭ এপ্ৰিলত জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত প্ৰয়োজনীয় নথিপত্ৰ দাখিলৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰাই খুৰানাই নিৰ্দেশনা জাৰি কৰে। লগতে সংশ্লিষ্ট লেখ আবেদনৰ পৰৱৰ্তী শুনানিৰ বাবে অহা পাঁচ মে’ৰ দিনটো গুৱাহাটী উচ্চ ন্যায়ালয়ে ধাৰ্য কৰে। শুনানিৰ অন্তত অধিবক্তাই এই কথা অৱগত কৰে।
অধিবক্তাই জনোৱা মতে, বি টি চি ৰ পৰিষদীয় নিৰ্বাচনৰ বাবে যোৱা ১১ মাৰ্চত ৰাজ্যিক নির্বাচন আয়ুক্তই অধিসূচনা জাৰি কৰে। কিন্তু সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত অব্যাহত থকা তলাবন্ধৰ বাবে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ এক পত্ৰ আধাৰত ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই যোৱা ২০ মাৰ্চত অনিৰ্দিষ্টকালৰ বাবে বি টি চি ৰ পৰিষদীয় নিৰ্বাচনত স্থগিতাদেশ জাৰি কৰিলেও বি টি এ ডিৰ চাৰি জিলাত বৰ্তমানো অব্যাহত আছে নিৰ্বাচনী আচৰণ বিধি। ইয়াৰ মাজতে ২৭ এপ্ৰিলত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন নিৰ্বাচিত পৰিষদৰ কাৰ্যকাল অন্ত পৰে। লগে লগে দেশৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ ১৬ নম্বৰ দুই নম্বৰ উপ-ধাৰাৰ অধীনত বি টি চি ৰ শাসনভাৰ ৰাজ্যপালে নিজৰ কৰ্তৃত্বৰ অধীনলৈ নিয়ে। লগতে বি টি চি ৰ প্ৰশাসক হিচাপে অসম চৰকাৰৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদক আৰু বি টি চি ৰ প্রধান সচিব হিচাপে সিদ্ধাৰ্থ সিঙক ৰাজ্য চৰকাৰে নিযুক্তি  দিয়ে। বি টি চি ত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনৰ ক্ষেত্ৰত কিছু দিশ এৰাই চলাৰ পৰিপ্ৰেক্ষিততে বি টি চি পৰিষদৰ উপাধ্যক্ষ নৰসিং বড়ো আৰু বি পি এফৰ কাৰ্যকৰী সদস্য জগদীশ সৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত উক্ত লেখ আবেদন দাখিল কৰে। উক্ত লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে প্ৰয়োজনীয় নথি দাখিলৰ বাবে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়া বুলি অধিবক্তাই জনায়।
Exit mobile version