ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজতেই মোদীৰ জনপ্ৰিয়তা তুংগত

narendra 1586842705

মাহদিয়েক আগলৈ দেশৰ অৰ্থনীতিয়ে দুৰ্দশাগ্রস্ত পৰিস্থিতিৰ মাজলৈ ক্ৰমশঃ গতি কৰিবলৈ ধৰিছিল। ইয়াকে লৈ বিভিন্ন অৰ্থনৈতিক সমস্যাৰ লগতে ৰাজনৈতিক প্ৰত্যাহ্বানেও হেঁচা মাৰি ধৰিবলৈ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক। কৰ’না ভাইৰাছে হঠাৎ বিশ্বৰ লগতে ভাৰততো মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পাছত ইয়াক প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাই তেঁওক সকলোবোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাৰ গৰাহৰ পৰা মুক্ত হোৱাত সহায়ক হ’ব বুলিয়ে চর্চা চলিছে। কিয়নো দিনে দিনে জনপ্ৰিয়তা বাঢ়িছে মোদীৰ।

মাৰ্চৰ প্ৰথম সপ্তাহত ক’ভিড১৯ ৰ আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বাঢ়িবলৈ ধৰাত মোদীয়ে নেতৃত্ব দিছিল দেশৰ এনে এক অৰ্থনীতিৰ, যি বিগত এটা দশকৰ অধিক কালৰ ভিতৰত সৰ্বাধিক মন্থৰ গতিৰে আগবাঢ়িছিল। তদুপৰি বেংক ব্যৱস্থাৰ ব্যৰ্থতা, ৰাজধানী দিল্লীৰ ৰাজপথত নজৰবিহীন হিংসাত্মক ঘটনা আদিকে ধৰি দেশজুৰি নানা ঘটনাই ভাৰাক্ৰান্ত পৰিৱেশৰ সৃষ্টি কৰিছিল। এতিয়া লাহে লাহে এইবোৰ যেন মানুহে পাহৰিবলৈ ধৰিছে। কিয়নো প্ৰধানমন্ত্ৰী মোদীয়ে কৰ’না ভাইৰাছৰ বিৰুদ্ধে দেশৰ যুঁজ খনক সন্মুখৰ পৰাই নেতৃত্ব প্ৰদান কৰা নহয় , হাইড্ৰ’ক্সিক্লৰ’কুইনৰ দৰে ঔষধ আদি প্ৰেৰণেৰে আন ৰাষ্ট্ৰসমূহক সহায়ৰ প্ৰতিশ্ৰুতিৰে মোদীয়ে বিশ্বনেতা ৰূপে তেওঁৰ ভাৱমূৰ্তি উজ্বল কৰিবলৈ সক্ষম হৈছে।

অৱশ্যে এনে হ’লেও মাৰাত্মক ভাইৰাছৰ আক্ৰমনত দেশৰ কোটি কোটি লোকে জীৱিকা আৰু সৰু সৰু ব্যৱসায়ৰে জীৱন ধাৰণৰ গতি হেৰুৱাবলৈ ধৰাত ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় নেতাৰূপে পৰিচয় অটুট ৰখাৰ ক্ষেত্ৰত মোদী প্রত্যহ্বানৰ সন্মূখীন হ’ব বুলিও কোৱা হৈছে।

Exit mobile version