ভাৰতত কৰ’না আক্ৰান্তৰ সুস্থ হোৱাৰ হাৰ ২৫.১৯ শতাংশ

34

দেশত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ হাস্পতালৰ পৰা উভতি অহা লোকৰ সংখ্যা ২৫.১৩ শতাংশলৈ বৃদ্ধি পাইছে। ১৪ দিনৰ পূৰ্বে এই সুস্থতাৰ হাৰ আছিল ১৩ শতাংশ। যোৱা দুটা সপ্তাহতে উল্লেখনীয় ভাৱে বৃদ্ধি পাইছে কৰে’না সুস্থতাৰ হাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে এই তথ্য প্ৰকাশ কৰে । তদুপৰি তলাবন্ধৰ পূর্বে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা দুগুন হৈছিল ৩.৪ দিনত, এতিয়া এই ক্ষেত্ৰতো উল্লেখনীয় অগ্ৰগতি লাভ কৰি হৈছে ১১ দিন। অৰ্থাৎ সম্প্ৰতি দেশত আক্ৰান্তৰ সংখ্যা দুগুণ হৈছে ১১ দিনত ।

 

তথ্য অনুসৰি সহস্ৰাধিক আক্ৰান্ত সুস্থ হৈ উঠিছে। বৰ্তমান মৃত্যুৰ হাৰ দেশত ৩.২ শতাংশ। ইয়াৰে ভিতৰত ৬৫ শতাংশ পুৰুষ আৰু ৩৫ শতাংশ মহিলা।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ৰ বিষয়া লৱ কুমাৰ আগৰৱালাই কয় যে দিল্লী, উত্তৰ প্ৰদেশ, জম্মু কাশ্মীৰ, ওড়িচা, ৰাজস্থান, তামিলনাডু আৰু পঞ্জাৱত দুগুণ হোৱাৰ বাবে প্ৰয়োজন হৈছে ১১ ৰ পৰা ২০ দিন, কৰ্ণাটক, লাডাখ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু কেৰেলাত ২০ ৰ পৰা ৪০ দিনৰ প্ৰয়োজন হৈছে ।

 

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিষয়াসকলে কয় যে যোৱা ২৫ মাৰ্চৰ পৰা দেশজুৰি তলাবন্ধৰ ফলত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি পোৱাটো প্ৰতিৰোধ হৈছে। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী অমিতাভ কান্তে কয় যে তেওঁলোকৰ পৰিসংখ্যা অনুসৰি আক্ৰান্তৰ সংখ্যাৰ বৃদ্ধিৰ হাৰ আৰু মৃতকৰ সংখ্যা বৃদ্ধিৰ হাৰ পাইছে। ইপিনে, এই দেশত আক্ৰান্তৰ সংখ্যা হৈছে ৩৫,০০৮ আৰু মৃত্যু হৈছে ১,১৫৯জনৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা দহ হাজাৰৰো অধিক। ইয়াৰ পাছতে গুজৰাটত ৪,৩৯৫জন আৰু দিল্লীত ৩৫১৫জন এই পৰ্যন্ত আক্ৰান্ত হৈছে।

Exit mobile version