আমাজনৰ ‘ৰাক্ষস’ মাছৰ বংশবৃদ্ধি মণিপুৰৰ হ্ৰদত 

sailfin catfish 1588127695
দক্ষিণ আমেৰিকা মহাদেশৰ আমাজন নদীৰ স’তে কোনো ধৰণৰ যোগসূত্ৰ নাই মণিপুৰৰ।ত‍ৎসত্ত্বেও আমাজনৰ পানীত বাস কৰা এবিধ মাছে সম্প্ৰতি ৰহস্যজনকভাৱে বংশবৃদ্ধি কৰিছে মণিপুৰৰ জলাশয়ত।ইয়াৰ ফলত মণিপুৰৰ হ্ৰদ বা বিভিন্ন পুখুৰীৰ সৰু প্ৰজাতিৰ মাছলৈ অশনি সংকেত নামি অহাৰো আশংকা কৰা হৈছে ।এই মাছবিধ দেখিবলৈ মাগুৰ মাছৰ দৰে ,অৱশ্যে ইহঁত মাগুৰ প্ৰজাতিৰ নহয়।
মৎস্য বিশেষজ্ঞৰ মতে,মাছবিধৰ আকাৰ বৰ ডাঙৰ নহ’লেও ইহঁতৰ প্ৰকৃতি ৰাক্ষসৰ দৰে ।সৰু আকাৰৰ মাছ দেখিলেই ইহঁতে ভক্ষণ কৰে ।এই মাছবিধ দক্ষিণ আমেৰিকাত আমাজন ছেইলফিন কেটফিছ বা ছাকাৰমাউথ কেটফিছ নামেৰে পৰিচিত।এইবিধ মাছৰ দৈৰ্ঘ্য প্ৰায় এফুট ।ওজন তিনিশৰ পৰা ৩৫০ গ্ৰাম ।অত্যধিক দ্ৰুত গতিৰে তথা ব্যাপক হাৰত এই প্ৰজাতিৰ মাছৰ বংশবৃদ্ধি হয়।ফলত দ্ৰুতগতিৰে সেই জলাশয়ৰ পৰিৱেশো বিনষ্ট হৈ পৰে ।অন্যান্য মাছৰ প্ৰজনন আৰু বংশবৃদ্ধিটো বাধাৰ সৃষ্টি হয় ।
কিন্ত আমাজনৰ এই ৰাক্ষস মাছ মণিপুৰৰ পানীলৈ কিদৰে আহিল ,তাকে ভাবি পোৱা নাই মণিপুৰৰ মৎস্য বিশেষজ্ঞ সকলে । এই ৰাক্ষস প্ৰকৃতিৰ  মাছ বিধে কম দিনৰ ভিতৰতে সমগ্ৰ জলাশয়ক ‘মাছশূন্য’ত পৰিণত কৰিব বুলিয়ে মৎস্য বিশেষজ্ঞসকলে আশংকা কৰিছে।উল্লেখ্য যে ২০১৮ত মাদুৰাইত এই প্ৰজাতিৰ মাছ দেখা গৈছিল।সেই মাছৰ আগমনত মাদুৰাইৰ জলাশয়সমূহৰ অন্যান্য মাছৰ মাজত সংকটৰ সৃষ্টি হৈছিল।
ADVERTISEMENT
Exit mobile version