উন্মুক্ত নদী পথ ♦ নাৱৰে বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ

brahmaputra river pti
কৰ’না ভাইৰাছক প্ৰতিহত কৰিবলৈ সমগ্ৰ দেশজুৰি অব্যাহত আছে তলাবন্ধ। দ্বিতীয় পৰ্য্যায়ৰ তলাবন্ধৰ  ফলত  অসমৰ ধুবুৰী, কোকৰাঝাৰ জিলাৰ হেজাৰ হেজাৰ লোক আজিও বহিঃৰাজ্যত আৱদ্ধ হৈ আছে।
দিল্লী, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, পশ্চিম বংগ  আদি কৰি বিভিন্ন ঠাইত আৱদ্ধ হোৱা লোক সকলক চৰকাৰে পৰ্যায় ক্ৰমে ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে  যদিও দীৰ্ঘদিন ধৰি কাম-বন্ধৰ ফলত সমস্যাত  ভুগি বহুলোকে পদব্ৰজেই শ শ কিলোমিটাৰ পথ অতিক্ৰম কৰি নিজগৃহলৈ ৰাওনা হৈছে ।
তেনে একাংশ লোক সম্প্ৰতি ধুবুৰী, কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৱৰ্তী এলেকা হৈ অহাত এক প্ৰকাৰ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ তুলিছে স্থানীয় জনতাই | কিয়নো বহিঃৰাজ্যৰ পৰা নিজ ঘৰলৈ অহা লোকসকলৰ স্বাস্থ্য  পৰীক্ষা কৰাটোও বাধ্যতামূলক।
বহিঃৰাজ্যৰ পৰা নিজ ঘৰলৈ ঘুৰি অহা লোক সকলে নিয়মমতে হ’ম কোৱাৰেণ্টাইনত থাকিব লাগে যদিও সেই নীতি নিৰ্দেশনা কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৱৰ্তী এলেকাত আজিও কাৰ্যকৰ হৈ উঠা নাই।
একেদৰে ধুবুৰী জিলাৰ অসম বংগ সীমান্তৱৰ্তী তামাৰহাট থানাৰ বিভিন্ন অঞ্চলত কৰ’না সম্পৰ্কীয় চৰকাৰৰ ঘোষিত নীতি-নিয়ম ভংগ কৰি বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা একাংশ লোকে আৰক্ষী-প্ৰশাসনৰ চকুত ধুলি দি বিভিন্ন গোপন পথেৰে নিজ গাঁও, গৃহত উপস্থিত হৈছে। ফলত সীমামূৰীয়া অঞ্চলৰ ৰাইজে আতংকত  ভুগিছে। কিয়নো বহি:ৰাজ্যৰ পৰা অহা লোকসকলৰ পৰা যিকোনো মূহুৰ্তত ভয়ানক  পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে বুলি বহুতে আশংকা কৰিছে |
সীমামূৰীয়া অঞ্চলৰ সচেতন মহলে উত্থাপন কৰা অভিযোগ অনুসৰি ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত গংগাধৰ নদীৰ পাৰ ঘাট সমূহ প্ৰশাসনে ছীল কৰি দিয়াৰ পাছত মুকলিকৈ নাৱেৰে যাতায়ত বন্ধ হৈ পৰে যদিও আজিও গোপনে বহুতো লোকৰ প্ৰৱেশ অব্যাহত আছে।
বহি:ৰাজ্যত থকা লোক সকলে সীমান্তৱৰ্তী এলেকাত আহি আশ্ৰয় লৈ গোপনে অধিক টকা দি টুলুঙা নাও ভাড়া লৈ পাৰ হৈ নিজ গাঁও তথা গৃহলৈ যাত্ৰা অব্যাহত ৰাখিছে ।  ঘৰত গৈ  স্বাস্থ্য  পৰীক্ষা নকৰি আত্মগোপন কৰি থকা বুলি অভিযোগ উঠিছে |
ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰে প্ৰবাহিত গংগাধৰ নদীৰ বেলপাৰা চৰ, পাকৰিগুৰি চৰ, বাঘডোক্রা আদি অঞ্চলৰ উপৰি কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰে বৈ যোৱা সোণকোষ নদী টুলুঙা নাৱেৰে পাৰ হৈ বিনাবাধাই অসমলৈ প্ৰৱেশ কৰি আছে বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকে। নদীৰ নিকটৱৰ্তী একাংশ লোকে টকাৰ লোভত এনে কামত জড়িত হৈ পৰিছে।
নিশা গোপনে নদী পাৰ হৈ অহা বাবে আৰক্ষী-প্ৰশাসনেও লোকসকলক চিনাক্ত কৰিব পৰা নাই। ৰোধ কৰিব পৰা নাই এই পথ। উন্মুক্ত নদী পথেই সম্প্ৰতি ধুবুৰী, কোকৰাঝাৰ জিলাৰ সীমামূৰীয়া অঞ্চলৰ বাবে ভাবুকি সৃষ্টি কৰাই নহয় প্ৰশাসনে গোপনে চলা এই কাৰ্য অব্যাহত থাকিলে অসম-বংগ সীমান্ত অঞ্চললৈ যিকোনো মুহূৰ্ততে মাৰাত্মক বিপদ কঢ়িয়াই অনাৰ আশংকা ব্যক্ত কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে।
Exit mobile version