মাৰ্কিন যুক্তৰাষ্ট্ৰত ভিছা হেৰুৱাব দুই লাখ দক্ষ বিদেশী কৰ্মীয়ে

green

মাৰ্কিন যুক্তৰাষ্ট্ৰত কাম কৰাৰ অধিকাৰ হেৰুৱাবলৈ গৈ আছে প্ৰায় দুই লাখ বিদেশী কৰ্মীয়ে ।কৰ’না ভাইৰাছৰ সংক্ৰমণৰ নেতিবাচক প্ৰভাৱতে কাম হেৰুৱাবলৈ গৈ আছে এই বৃহৎ সংখ্যক বিদেশী কৰ্মীয়ে ।কিয়নো ভাগি পৰা মাৰ্কিন অৰ্থনীতিত প্ৰায় প্ৰতিটো কোম্পানীতে হ্ৰাস কৰিবলৈ লোৱা হৈছে পদ ।আনহাতে,এই কৰ্মীসকলৰ মাৰ্কিন যুক্তৰাষ্ট্ৰত থকাৰ ভিছাৰ ম্যাদ অহা জুনৰ ভিতৰতে অন্ত পৰিব।

ADVERTISEMENT

এই বিশেষ এইছ -ৱান-বি ভিছাৰ ম্যাদ পুনৰ বৃদ্ধিকলৈও অনিশ্চয়তাৰ সৃষ্টি হৈছে।নিজ দেশত দক্ষ কৰ্মীৰ অভাৱ পূৰণ কৰিবলৈ এইছ -ৱান-বি ভিছা প্ৰদান কৰি অন্য দেশৰ নাগৰিকক চাকৰি দি অহা হৈছে আমেৰিকাত;কিন্তু এই ভিছাৰ এটি নিৰ্দিষ্ট সময়সীমা থাকে।এই সময়সীমাৰ অন্ত পৰিলে ভিছাৰ নৱীকৰণ কৰা হয় ।নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ভিছাৰ নৱীকৰণ নহ’লে ভিছাপ্ৰাপ্ত সকলে মাৰ্কিন যুক্তৰাষ্ট্ৰত থকাৰ অধিকাৰ হেৰুৱায়।সাধাৰণভাৱে ক’বলৈ গ’লে তেনে লোকজনে নিজ দেশলৈ উভতি আহিবলৈ বাধ্য হয়।এই লোকজনে পৰৱৰ্তী তিনিৰ পৰা ১০ জনৰ ভিতৰত পুনৰ এইছ-ৱান -বি ভিছা লাভৰ পৰাও বঞ্চিত হয় ।

কৰ’না পৰৱৰ্তী কৰ্মসংকটৰ মুখা মুখি হ’ব পৰাকৈ অহা দুমাহত মাৰ্কিন যুক্তৰাষ্ট্ৰত বিদেশী লোকৰ প্ৰৱেশ বন্ধ ৰাখিবলৈকো ড’নাল্ড ট্ৰাম্প প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিছে ।যাতে পৰিস্থিতি স্বাভাৱিক হ’বলৈ লোৱাৰ সময়ত কৰ্মক্ষেত্ৰত বিদেশীৰ পৰিৱৰ্তে আমেৰিকাৰ নাগৰিকসকলক অধিক প্ৰাধান্য দিব পৰা যায় ।এনে হ’লে অন্য দেশৰ পৰা অহা সকল পুনৰ নিজ দেশলৈ উভতি যাব লগা হ’ব বুলি স্পষ্ট কৰি দিছে ৱাছিংটন নিবাসী নীতি বিশেষজ্ঞ জেৰেমি নিউফেল্ডে।ইয়াৰ বাহিৰেও’ গ্ৰীণ কাৰ্ড ‘ লাভৰ আশাত থকা হেজাৰ হেজাৰ বিদেশী লোকেও সম্প্ৰতি খালী হাতেৰে আমেৰিকা এৰিবলগীয়া হ’ব পাৰে বুলি চৰম উৎকন্ঠাৰ সৃষ্টি হৈছে।

তদুপৰি কৰ’নাৰ প্ৰভাৱত বৰ্তমান ভাৰতকে ধৰি একাধিক দেশৰ সীমান্ত বন্ধ হৈ আছে ।সম্পূৰ্ণ ভাৱে বন্ধ বিমান সেৱা।এনে পৰিস্থিতিত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভিছা হেৰুৱালেও নিজ দেশলৈ উভতি অহাৰ সকলো পথ বন্ধ।ইফালে কৰ’নাৰ প্ৰভাৱত মাৰ্চৰ মাজ সময়ৰ পৰাই কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে বহুজনে।ইয়াৰ ভিতৰতে বহুজনৰ জুনত ভিছাৰ ম্যাদৰ অন্ত পৰিব ।কাম হেৰুৱাই মূৰৰ ওপৰত ঋণৰ বোজা লৈ নিজ দেশলৈ উভতি গলেও নতুন সংস্থাপন লাভৰ আশা কম ।কাম পালেও বেতন অধিক হোৱাৰ আশা কম ।ফলত ঋণ উভতাই দিয়াৰ চিন্তাই হতাশগ্ৰস্ত কৰি তুলিছে মাৰ্কিন যুক্তৰাষ্ট্ৰত সপোন সাৰ্থক কৰিবলৈ যোৱা এই সকল দক্ষ বিদেশী কর্মীক।

Exit mobile version