অৰ্থনীতি পৰামৰ্শদাতা সমিতি গঠন

EWrz7QpUwAEBQVb

■ ৰাজ্যৰ অৰ্থনীতিবিদসকলৰ পৰামৰ্শৰ প্ৰতি ৰাজ্য চৰকাৰৰ তাৎক্ষণিক সঁহাৰি |

■ অসমৰ অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ কৌশল নিৰ্ধাৰণৰ বাবে পৰামৰ্শদাতা সমিতি গঠন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে |

বিশ্বত্ৰাস কৰ’নাই ত্ৰস্তমান কৰি তোলা ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ লক্ষ্যৰে কৌশল নিৰ্ধাৰণৰ  পৰামৰ্শদাতা সমিতি গঠন কৰিলে ৰাজ্য চৰকাৰে | শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্থনীতিবিদসকলৰ সতে এক আলোচনাত মিলিত হয়। অৰ্থনীতিবিদসকলে দিয়া পৰামৰ্শ মৰ্মে আজি এই এই সমিতি গঠন কৰে | মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতা গঠিত এই সমিতিত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত  সদস্য হিচাপে  ডঃ কে এম বুজৰবৰুৱা, ডঃ মাধূৰ্য বেজবৰুৱা, ডঃ জয়দীপ বৰুৱা, ডঃ অমিয় শৰ্মা, গৌতম গোস্বামী, কৃষ্ণকান্ত বৰা আৰু অদীপ কুমাৰ ফুকনক সন্নিৱিষ্ট কৰা হৈছে |

Exit mobile version