আফ্ৰিকান ছোৱাইন ফিভাৰে অশনি সংকেত কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ

pork reuters

আফ্ৰিকান ছোৱাইন ফিভাৰে অশনি সংকেত কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ ব্ৰহ্মপুত্ৰ নদীত উজনি অসমৰ দিশৰ পৰা উটি আহিছে গাহৰিৰ মৃতদেহ ৷ ইয়াক লৈয়ে এতিয়া চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে প্ৰকৃতি প্ৰেমীলোক তথা দল সংগঠন ৷ উল্লেখ্য যে, এতিয়া উজনিৰ কেইবাখনো জিলাত ইতিমধ্যেই আক্ৰান্ত হৈছে বহুসংখ্যক পোহনীয়া গাহৰি ৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰে নমুনা পৰীক্ষা কৰাৰ পাছতে এইসমূহ গাহৰি আফ্ৰিকান ছোৱাইন ফ্লু’ নামৰ মাৰাত্মক ৰোগবিধত আক্ৰান্তৰ কথা পোহৰলৈ আহে ৷ ইফালে এইপৰ্যন্ত গাহৰিৰ দেহত দেখা দিয়া এই ৰোগৰ কোনো প্ৰতিষেধক তথা ঔষধ নথকাৰ কথাটোৱে চিন্তান্বিত কৰি তুলিছে সকলোকে ৷

 

ইয়াৰ মাজতে এই ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰিলে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যকূলৰ প্ৰতি মাৰাত্মক ভাবুকিয়ে দেখা দিয়াৰ আশংকা কৰিছে সকলোৱে ৷ উল্লেখ্য যে, উজনিৰ পৰা উটি অহা গাহৰিৰ মৃতদেহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰই কঢ়িয়াই আনি উদ্যান এলেকাৰ বালিচাপৰি বা নিদিষ্ট অঞ্চলত ৰৈ গ’লে এই মৃতদেহৰ পৰাই ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিৰ লগতে আন আন বন্যকূললৈ মাৰাত্মক আফ্ৰিকান ছোৱাইন ফ্লু’ বিয়পাৰ আশংকা আছে ৷ ইয়াৰ লগতে এনে ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ মৃতদেহ কোনো মাংসহাৰী জীৱই ভক্ষণ কৰিলে ইয়ো ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে কঢ়িয়াই আনিব পাৰে ভয়ংকৰ বিপদ ৷ আনকি বন্যপ্ৰাণীৰ গাত এনে মাৰাত্মক ৰোগে দেখা দিলে ই হৈ পৰিব এক বিধ্বংসী ঘটনা ৷

 

বৰ্তমান সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ মধ্যস্থলৰ অধিকাংশ জান-জুৰিত জলসংকটে দেখা দিয়াত উদ্যানৰ অধিকাংশ বন্যপ্ৰাণীয়েই ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিব লগাত পৰিছে ৷ এনে সময়তে নদীখনৰ বুকুৱেদি গাহৰিৰ মৃতদেহ উটি অহাৰ খবৰ নিত্যান্তই এক অতি বিপদজনক খবৰ হিচাপে পৰিগণিত হৈছে ৷ এইক্ষেত্ৰত ৰাজ্যৰ বনবিভাগৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনবিভাগেও আগতীয়াকৈ সজাগ হৈ নিদিষ্ট কাৰ্যপন্থা যুগুত কৰিলে নিশ্চিতভাৱে বিপদৰ পৰা ৰক্ষা পৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী ৷

 

উল্লেখ্য যে, ১৯০৭ৰ পৰা ১৯২১ চনৰ ভিতৰত কেনিয়াৰ মণ্টেগ’মেৰীত সংহাৰী ৰূপ লোৱা এই মাৰাত্মক ৰোগবিধে ১৯৫৭ চনত সমগ্ৰ আফ্ৰিকা মহাদেশতে চলাই সংহাৰী ৰূপ ৷ ১৯৬০ৰ সময়ৰ পৰা পতুৰ্গাল আৰু ১৯৮০চনৰ পৰা ফ্ৰান্স, বেলজিয়াম আদি দেশত মাৰাত্মক ৰূপ ধাৰণ কৰি মাত্ৰ কেইবছৰমান পূৰ্বে ২০১৮ চনত এচিয়া মহাদেশত প্ৰৱেশ কৰি সংহাৰী ৰূপ ধাৰণ কৰিছিল ৷ আৰু এই আফ্ৰিকান ছোৱাইন ফ্লুৱেই বৰ্তমান সময়ত মাৰাত্মক ৰূপত দেখা দিছে অসমৰ বহুকেইখন জিলাত ৷ ইয়াৰ মাজতেই আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈও বিপদ কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱেও। এই সংক্ৰান্তত ৰাষ্ট্ৰীয় উদ্যানত সজাগতাৰ কথাও প্ৰকাশ কৰিছে বনবিভাগে ৷

Exit mobile version