কীমৰ ৰেলত থাকে দুহেজাৰ যুৱতী দেহৰক্ষী

Kim4
উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কীম জং উনক কেন্দ্ৰ কৰি গুজৱ আৰু উৎকণ্ঠাৰ অন্ত নাই ।দেশখনে সততে ভিতৰুৱা তথ্য সদৰী নকৰিলেও কীমক কেন্দ্ৰ কৰি বিভিন্ন চৰ্চা চলি থাকে। শেহতীয়াকৈ দেশখনৰ সৰ্বোচ্চ নেতাজনৰ অসুস্থতা আৰু মৃত্যুৰ বাতৰিক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বতে চৰ্চা অব্যাহত আছে ।বহুতেই কীমৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ৷ইয়াৰ মাজতে উত্তৰ কোৰিয়াৰ তৰফৰ পৰা দাবী কৰা হৈছে যে কীম জীৱিত আছে আৰু শেহতীয়াকৈ তেওঁ ৰাজহুৱাকৈ আত্মপ্ৰকাশ কৰিছে ৷
আন বহুতে দাবী কৰে যে নিজৰ ব্যক্তিগত ৰেলেৰে গৈ কীমে এক বিশেষ স্থানত আত্মগোপন কৰি আছে। ইয়াৰ মাজতে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধানজনৰ সন্দৰ্ভত এক চাঞ্চল্য সৃষ্টিকাৰী প্ৰতিবেদন প্ৰকাশ কৰিলে এক আমেৰিকা ভিত্তিক সংবাদ মাধ্যমে ৷ডেইলী ষ্টাৰ” প্ৰতিবেদনত কোৱা হৈছে যে অতি বিলাসী জীৱন কটোৱা কীমৰ ব্যক্তিগত ৰেলখনত নিয়োজিত হৈ আছে প্ৰায় দুহেজাৰ যুৱতী দেহৰক্ষী ৷প্ৰতিবেদনত কোৱা হৈছে যে উক্ত ৰেলখনত ২০ টা ডবা আছে আৰু প্ৰতিটো ডবাই ৰাজকীয়ভাৱে সজোৱা।
এই ৰেলৰে সবাতোকৈ দামী সম্পদ হৈছে কীমৰ অবিবাহিত দেহৰক্ষীসকল ৷ এই দেহৰক্ষীসকলক কোৱা হয় কিপ্পুমজো বুলি কোৱা হয় ।২০১৫ ত এক প্ৰতিযোগিতাৰ যোগে কীমে এই দেহৰক্ষীসকলক নিৰ্বাচন কৰে ৷ এই দুহেজাৰ দেহৰক্ষীৰ মাজৰ পৰাই পাল পাতি কীমৰ ৰেল ভ্ৰমণত যুৱতীসকলে সংগ দিয়ে৷ প্ৰতিবেদনত লগতে কোৱা হৈছে যে প্ৰাথমিকভাৱে এই সকলক দেহৰক্ষী বুলি  কোৱা হয় যদিও এই অবিবাহিতা যুৱতীসকল প্ৰকৃততে কীমৰ ৰক্ষিতা। উক্ত ব্যক্তিগত ৰেলত উঠিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কীমে ভিয়েটনাম আৰু চীন ভ্ৰমণ কৰিছিল ৷
নিৰাপত্তাৰ স্বাৰ্থতে কীমে কেতিয়াও বিমানত নুঠে আৰু যাত্ৰাৰ বাবেহে ৰেল ব্যৱহাৰ কৰে ।প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে কীমৰ পিতৃ তথা উত্তৰ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কীম জং ইলৰো এনে ৰক্ষিতা আছিল ।অৱশ্যে ২০১১ত কীম জং উনৰ জ্যেষ্ঠ ভ্ৰাতৃৰ মৃত্যুৰ পাছত কীম জং ইলে ৰক্ষিতা ৰখা কাৰ্য বন্ধ কৰিছিল ৷
Exit mobile version