জাগীৰোডৰ পৰা পাঁচদিনে খোজ কাঢ়ি শ্ৰীৰামপুৰত উপস্থিত বিহাৰৰ সাত শ্ৰমিক

20200503 113554

সমগ্ৰ দেশজুৰি চলি থকা তলাবন্ধৰ ফলত বহিঃৰাজ্যৰ শ শ শ্ৰমিক উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লগতে অসমত আৱদ্ধ হৈ পৰিছে । বিগত ডেৰ মাহ ধৰি আবদ্ধ হৈ থকা  শ্রমিক সকলে উপায়হীন  হৈ এতিয়া একমাত্ৰ ভৰসা হৈ পৰিছে  ৰাজপথ। অন্যহাতে অনাহাৰে-অনিদ্ৰাৰে দিন ৰাতি অতিবাহিত কৰা শ্ৰমিক সকলে এতিয়া পদব্ৰজে নিজ ঘৰ অভিমুখে ৰাওনা হোৱাৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। নগাঁৱৰ জাগীৰোডত শুকান মাছৰ কামত নিয়োজিত হৈ থকা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ সাত গৰাকী শ্ৰমিকে উপায়হীন হৈ বিগত পাঁচ দিন ধৰি খোজ কাঢ়ি আজি অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত উপস্থিত হয়।

 

 

ইপিনে এনেদৰে পাঁচ দিন ধৰি খোজ কাঢ়ি দুৰ্বল হৈ পৰা লোক সকলে অসমৰ সীমা  অতিক্ৰম কৰি বংগত ভৰি দিয়াৰ লগে লগে বংগ আৰক্ষী খেদি পঠিয়াই দিয়ে। পিছত এইসকল শ্ৰমিক পুনৰ অসমৰ সীমাৰ ৰাষ্ট্ৰীয় পথৰ  দাঁতিত  আশ্ৰয় গ্ৰহণ কৰে। এইসকল শ্ৰমিকে নিজ গৃহ অভিমুখে যাবলৈ চেষ্টা কৰে যদিও বংগ আৰক্ষীৰ বাধাত  ৰাষ্ট্ৰীয় পথৰ দাঁতিত এক অনিশ্চিয়তাৰ মাজত আশ্ৰয় লৈ আছে। শ্ৰমিক সকল হৈছে উত্তৰ প্ৰদেশৰ গোপালগঞ্জৰ পাপ্পু কুমাৰ চাহানি আৰু বিহাৰৰ মতিহাৰি জিলাৰ বিজয় কুমাৰ যাদৱ, চাহেব যাদৱ, জলন্ধৰ ৰায়, ৰামপৰবেশ যাদৱ, জিতেন্দ্ৰ যাদৱ আৰু কপিল ৰায় । এওঁলোকে জাগীৰোডত অৰ্থ আৰু বাসস্থানৰ অভাৱত অনাহাৰে দিন কটাই আছিল যদিও চৰকাৰে কোনো ধৰণৰ সহায় নকৰাত দীৰ্ঘ পথ খোজ কাঢ়ি যাবলৈ বাধ্য হৈছে । অন্যহাতে তাতো আৰক্ষী-প্ৰশাসনে বাধা প্ৰদান কৰাত লোক সকল এতিয়া চৰম হতাশাত ভাঙি পৰিছে। খাদ্য আৰু পানীৰ অভাৱত দুৰ্বল হৈ পৰা শ্ৰমিক সকল এতিয়া ৰাষ্ট্ৰীয় পথতে আশ্ৰয় লৈ আছে যদিও পৰৱৰ্তী সময়ত কি হ’ব সেয়া নিশ্চিত নহয়।

Exit mobile version