তলাবন্ধৰ অনুভৱ: ড° নগেন শইকীয়া

nagen saikia

আমাৰ জীৱনত তলাবন্ধ আগতে নোহোৱা এটা নতুন অভিজ্ঞতা । বিভিন্ন প্ৰকাৰৰ অসুয়া-অশান্তিয়ে পৃথিৱীত মাজে মাজে নানা ধৰণৰ আহুকাল সৃষ্টি কৰি আহিছে। পৃথিৱীত যুদ্ধ-বিগ্রহো হৈছে, কিন্তু এইবাৰ কৰ’না বিষাণুৱে যিটো অৱস্থাৰ সৃষ্টি কৰিছে সমগ্র পৃথিৱীজুৰি এনেকুৱা অভিজ্ঞতা পৃথিৱীৰ বোধকৰো কেতিয়াও হোৱা নাছিল। এই বিষাণুৱে লাখ লাখ মানুহক ইতিমধ্যে আক্ৰান্ত কৰিছে আৰু প্ৰায় এক লাখ মানুহে প্ৰাণ হেৰুৱাইছে। ভাৰতবৰ্ষতো বিশেষকৈ মহাৰাষ্ট্ৰত ইয়াৰ প্ৰভাৱ বেছি আৰু দেখিছো যে আমাৰ অসমতো এজনৰ মৃত্যু ঘটিছে আৰু বাকী কে’বাজনো আক্ৰান্ত হৈ আছে। ইতিমধ্যে ভাৰত চৰকাৰে বান্ধি দিয়া যিটো নিয়ম আজি প্ৰায় এমাহ পাৰ হৈ গৈছে, সেই নিয়ম অনুসৰি আমি প্ৰত্যেকে নিজৰ ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লাগে আৰু মানুহৰ লগত দেখা-সাক্ষাৎ কৰিলেও নিজৰ মুখমণ্ডল ঢাকি কমেও তিনি ফুট আঁতৰৰ পৰা কথা-বতৰা পাতিব লাগে। এনেকুৱা এক অভিজ্ঞতা আমাৰ কাৰো নাছিল, হোৱা নাই আৰু হোৱাটো আমি নিবিচাৰো।

ADVERTISEMENT

 

এই তলাবন্ধৰ সময়ছোৱাত আমাৰ বহুতৰ বাবে এটা সহ্য কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰিছে। মই নিজে এই সময়ছোৱাত খুব বেছি অশান্তি অনুভৱ কৰিছো এনে নহয়, কিন্তু মনৰ ভিতৰতে শংকা এটা সদায় আছে। সেই শংকা হ’ল কেনেবাকৈ ভাইৰাছে যদি আমাক কাৰোবাক আক্ৰমণ কৰে। আমিতো প্ৰত্যেকে তাৰ বলি হ’ব লাগিব। সেইবাবে, যিমান পাৰো, যিমানখিনিলৈকে পাৰো সিমানখিনিলৈকে নিয়ম অনুসৰি তলাবন্ধৰ যিটো অৱস্থা, সেইটো গ্ৰহণ কৰিছো আৰু গ্ৰহণ কৰিবলৈ যত্ন কৰি আহিছো। ইতিমধ্যে এই সময়ছোৱাত মই কিছু কাম হাতত লৈছো, যাতে মোৰ সময়খিনি মই সেই কামত ব্যয় কৰিব পাৰো। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছৰ পৰা মই প্ৰত্যেকদিন এক নিৰ্দিষ্টসময়ৰ পৰা এক নিৰ্দিষ্ট সময়লৈ কিছু লিখা-মেলা, লিখা-পঢ়া কৰি আহিছো। গতিকে মোৰ নিয়মিত এটা কাৰ্যসূচীয়েই হৈ আহিছে। সেইবাবে মই খুব শান্তি পাইছো বুলি ক’ব নোৱাৰো, কিন্তু সময় যে নাযায় নোপোৱাই হৈছে তেনে নহয়, বৰঞ্চ মোক আৰু যেন সময় লাগে তেনেকুৱা ভাব কেতিয়াবা হয়। এই সময়ত মই বুজৰবৰুৱাৰ বিষয়ে এখন নতুন গ্ৰন্থ ৰচনাৰ বাবে পৰিকল্পনা কৰি ইতিমধ্যে কিছু আগবাঢ়িছো।

 

তদুপৰি মোৰ যিটো লাইব্ৰেৰী, সেইটোত প্ৰায় ৩০ হেজাৰতকৈ বেছি কিতাপ আছে। তাৰে বহুসংখ্যক কিতাপ যেনেভাৱে ৰাখিব লাগে তেনেভাবে ৰাখিব পৰা নাই। গতিকে মোৰ যিগৰাকী ছোৱালীয়ে সহায় কৰি দিয়ে তেওঁ নিজেও এগৰাকী কবি। তেওঁ মোক সহায় কৰি দিছে আৰু মই সেই কিতাপবিলাক ঠিক ঠাক কৰি ৰখাত লাগি গৈছো। গতিকে মোৰ সেইখিনি অবাবত গৈছে বুলি মই ভাবিব পৰা নাই। সময় যেন মোক আৰু লাগে এনে যেন অনুভৱ হৈছে । কিন্তু এই অৱস্থাটো নিবিচাৰো । কাৰণ মই মুকলিকৈ ক’তো ওলাই যাব নোৱাৰো বা কোনো বন্ধু-বান্ধৱৰ ঘৰলৈ যাব নোৱাৰো। একমাত্ৰ ফোনটোৱেই একমাত্ৰ যোগাযোগৰ মাধ্যম আৰু মোৰ লাইব্ৰেৰীটোতেই গোটেই দিনতো কাম কৰাৰ স্থান। এনেভাৱে মই মোৰ সময় অতিবাহিত কৰিছো । মই আশা কৰিছো যে চৰকাৰে যিবোৰ নিয়ম বান্ধি দিছে সেইবোৰ সম্পূৰ্ণকৈ ৰক্ষা কৰিলে আমি বহু পৰিমাণে ৰক্ষিত হৈ থাকিম আৰু আমি বেমাৰৰ বিষাণুৰ পৰা মুক্ত হৈ থাকিব পাৰিম। কিন্তু ক’ব নোৱাৰো, কাৰণ এতিয়া বাতৰি কাকতত খবৰ ওলাইছে যে আগৰ যিবোৰ লক্ষণ সেইবোৰ নেদেখুৱাকৈ কোনো মানুহৰ গাত গমন কৰিছে আৰু সেই মানুহে কোৱাৰেণ্টাইনলৈ যাবলগীয়া হৈছে।

 

এই আহুকলীয়া যিটো অসুখ গোটেই পৃথিৱীজুৰি হৈছে সেইটোৰ সোনকালে ওৰ পৰক, তাক অন্তৰৰ পৰা কামনা কৰিছো আৰু মই সকলোকে অনুৰোধ কৰিব খোজো যে আমাৰ কষ্ট হৈছে, বিশেষকৈ মই দেখিছো যে শ শ মানুহ নিবনুৱা হৈছে, শ শ মানুহৰ অন্ন, সংস্থাপনৰ বাবে যিখিনি দৰকাৰ সেইখিনি হেৰুৱাই পেলাইছে। এইবোৰ কথা যেতিয়া বাতৰি কাকতত পঢ়োঁ তেতিয়া মনটো বৰ উদ্বিগ্ন হয়, বৰ বেজাৰ লাগে। তথাপি আমি আনক সহায় কৰিব লাগিব, ওচৰ চুবুৰীয়াক আৰু তেনে যিমানখিনি মানুহ আছে তেওঁলোকক যিমানপাৰো , নিজৰখিনিৰ পৰা সহায় কৰিবলৈ যত্ন কৰিব লাগিব। মই আন কাকো একো সহায় কৰিব পৰা নাই। কিন্তু যিখিনি পেঞ্চন পাওঁ, খুব বেছি পেঞ্চন নহয়, দুটা পেঞ্চন লগ লাগি প্ৰায় পয়ত্ৰিশ হেজাৰ টকা হয়। সেইখিনি ধন, এইমাহৰ ধন, মই অসম আৰোগ্য নিধিলৈ দান কৰিছো।

 

মই নিজে অসুখীয়া মানুহ। বাইপাছ কৰাৰ পাছৰে পৰা মই দিনটো ১৫ কি ২০ টা দৰব খাই থাকিব লাগে ইটোৰ পাছত সিটোকৈ। গতিকে সেই কেইটা পইচাৰে মোক নাটে। মোৰ গৃহিণীও অসুস্থ। তথাপি তাৰ পৰাই এইখিনি দি মনটো মই সন্তুষ্ট কৰিবলৈ যত্ন কৰিছো। ইয়াতকৈ কি ক’ম । সকলোৰে মই শুভ কামনা কৰিছো। সোনকালে এই পৰিৱেশৰ অন্ত পৰক। অশান্তি লাগি আছে। সেই অশান্তি এতিয়া দুখৰ কাৰণ হৈ পৰিছে।

Exit mobile version