দেশজুৰি কৰ’নাৰ বিৰুদ্ধে যুদ্ধ কৰা সেনানীলৈ অভিবাদন সামৰিক বাহিনীৰ

AMC2

 

বিশ্বক কম্পিত কৰি তোলা ক’ভিড -১৯ ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰি থকা দেশৰ চিকিৎসক তথা চিকিৎসাকৰ্মীসকলক দেওবাৰে পুৱাৰ পৰা আকাশমাৰ্গৰ জৰিয়তে পুষ্পবৃষ্টি কৰি অভিবাদন জ্ঞাপন কৰে | দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়,  মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভাৰতীয় বায়ু সেনাই হেলিকপ্টাৰ জৰিয়েত চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকললৈ ফুল চতিয়াই চ্যেলুট প্ৰদান কৰে | ইয়াৰ উপৰি নৌ সেনা আৰু স্থল সেনাই চিকিৎসালয় কেইখনত বেণ্ড পাৰ্টিৰ প্ৰদৰ্শনৰ জৰিয়তে এই কৰ’না যুঁজাৰুসকলক সন্মান প্ৰদৰ্শন কৰে |

Exit mobile version