দ্বিতীয় পৰ্যায়ৰ অৰ্থনৈতিক পেকেজ ঘোষণাৰ বাবে প্ৰধানমন্ত্ৰীৰ সঘন বৈঠক

NarendraModiMeeting1

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে তেওঁৰ কৰ্ণধাৰ মন্ত্ৰীসকলৰ স’তে এলানি বৈঠকত মিলিত হয় ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপৰি বিত্ত মন্ত্ৰণালয়ৰ বিষয়াসকলৰ স’তে মিলিত হৈ মোদীয়ে তলাবন্ধৰ ফলত ক্ষতিগ্ৰস্ত হোৱা খণ্ডসমূহৰ বাবে দ্বিতীয়টো সকাহমূলক পেকেজ প্ৰস্তুত কৰিবলৈ কয় । প্ৰধানমন্ত্ৰীয়ে শ্বাহ আৰু সীতাৰমণৰ স’তে বৈঠকৰ পাছত ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰ্যালয়ৰ মন্ত্ৰীসকলৰ স’তে বৈঠকত মিলিত হয় ৷ ইপিনে বিত্ত মন্ত্ৰণালয়ে মোদীক দেশৰ বিত্তীয় অৱস্থাৰ বিষয়ে বিতং তথ্য দাঙি ধৰে ৷

 

প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে অসামৰিক বিমান পৰিবহন শ্ৰম আৰু শক্তি মন্ত্ৰণালয়ৰ স’তে বৈঠকত মিলিত হৈছিল তদুপৰি তেওঁ বাণিজ্য আৰু এম এছ এম ই মন্ত্ৰণালয়ৰ স’তেও বৈঠকত মিলিত হৈছিল ৷ ঘৰুৱা আৰু বিদেশী বিনিয়োগ বিষয়ৰ প্ৰসংগত এই বৈঠকত আলোচনা কৰা হয়। মাৰ্চৰ শেষৰ সপ্তাহত সমাজৰ তলৰ শ্ৰেণীক সকাহ হোৱাকৈ ১.৭ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰে মোদীয়ে।

Exit mobile version