নগালেণ্ড সীমান্তৰে শতাধিক লোকৰ অসমত প্ৰৱেশ

NAGALAND

অৱশেষত যেন  সকাহ পালে তলাবন্ধৰ ফলত বহি:ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলে ৷ শেহতীয়াকৈ অসম চৰকাৰে বহিঃৰাজ্যত আৱদ্ধ হৈ পৰা লোকৰ বাবে আন্তঃৰাজ্যিক সীমান্ত দেওবাৰৰ পৰা মুকলি কৰি দিয়াৰ লগে লগেই  পুৱাৰ পৰাই নাগালেণ্ড সীমান্তইদি অসমত প্ৰৱেশ কৰে বহুলোক ৷ কাৰ্বি আংলং জিলাৰ অসম নগালেণ্ড সীমান্তৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাহৰীজান আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিলাইৰ দিশৰ পৰা কেবা শতাধিক লোক আজি অসমত প্ৰৱেশ কৰে ৷

 

এই লোক সকলৰ অধিকাংশই শ্ৰমিক হোৱাৰ লগতে কিছু লোক নগালেণ্ডৰ ডিমাপুৰ, কহিমা আদিলৈ আহি হঠাতে তলাবন্ধৰ ফলত  আৱদ্ধ হৈ পৰিছিল ৷ দেওবাৰে সীমান্তইদি প্ৰৱেশ কৰা এই লোকসকলক প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰি হাতত ষ্টাম্প মাৰি গৃহবন্দী হৈ থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰশাসনে অসমৰ বিভিন্ন স্থানৰ লোকসকলৰ বাবে যাতায়তৰ ব্যৱস্থা কৰে ৷ আনহাতে একাংশ লোকে ব্যক্তিগত বাহনেৰ জৰিয়তেও অসমত প্ৰৱেশ কৰে ৷ উল্লেখ্য যে অসমত প্ৰৱেশ কৰিয়েই প্ৰায় সংখ্যক লোকেই কিছু সকাহ অনুভৱ কৰা বুলি মত ব্যক্ত কৰে ৷

Exit mobile version