ভাৰতত জীৱিকা হেৰুৱাব ১৩ কোটিয়ে

unemployment113
কৰ’না ভাইৰাছৰ বাবে বিশ্ববাসীয়ে আতংকত থকাৰ মাজতে আন এক আশংকাই সম্প্ৰতি বহুতকে চিন্তিত কৰি তুলিছে ৷কিয়নো কৰ’না ৰোধৰ বাবে বিশ্বৰ অধিকাংশ দেশতে তলাবন্ধ হৈ থকাত অসংখ্য লোকে জীৱিকা হেৰুওৱাৰ আশংকা ঘনীভূত হৈ পৰিছে ৷আনকি ভাৰততো তলাবন্ধৰ কোপ পৰাৰ আশংকা আছে ৷বিশ্ব বেংক,আন্তৰ্জাতিক শ্ৰম সংগঠনৰ উপৰি স্বয়ং ৰাষ্ট্ৰসংঘয়ো এই আশংকা ব্যক্ত কৰিছে। কিছুদিনৰ পূৰ্বেই বিশ্ববেংকে নিজৰ প্ৰতিবেদনত আশংকা প্ৰকাশ কৰিছিল যে তলাবন্ধৰ প্ৰকোপত ভাৰতত চাৰি কোটি শ্ৰমিক বিপৰ্যস্ত হৈ পৰিব।
আন্তৰ্জাতিক শ্ৰম সংগঠনে জনাইছে যে বিশ্বৰ ১৬০ কোটি লোকৰ জীৱিকাত আঘাত লাগিব পাৰে ৷ইয়াৰ পাছত ভাৰতৰ বাবে শংকাৰ বতৰা শুনালে ৰাষ্ট্ৰসংঘই। তলাবন্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ ১৩ কোটি মানুহে কাম হেৰুৱাব পাৰে বুলি ৰাষ্ট্ৰসংঘই আশংকা ব্যক্ত কৰিছে ।ৰাষ্ট্ৰসংঘৰ মতে খুচুৰা ব্যৱসায়ৰে যুক্ত প্ৰায় এক কোটি ১০ লাখ মানুহ কামৰ পৰা ছাটাই হ’ব পাৰে। ইপিনে এনে আশংকাৰ মাজতে বেতনত কোপ পৰাত আত্মহত্যাৰ পথ বাচি ল’লে মুম্বাইৰ এটা বহুজাতিক কোম্পানীত কৰ্মৰত এজন কৰ্মচাৰীয়ে।
মুম্বাইৰ মুলুন্দৰ বাসিন্দা মনীষ লোডায়াই এটা অট্টালিকাৰ ৩০ সংখ্যক মহলাৰ পৰা জাঁপ দি আত্মহত্যা কৰে ।তলাবন্ধৰ কাৰণে কোম্পানীটোৱে কৰ্মচাৰীসকলৰ বেতন হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল ।সেই কথা মানি ল’ব নোৱাৰি কৰ্মচাৰীজনে এই পথ বাচি লয় ৷উল্লেখযোগ্য যে তলাবন্ধৰ ফলত দেশৰ অধিকাংশ কল কাৰখানা,কাৰ্যালয়,ব্যৱসায় আদি বন্ধ হৈ আছে ৷দেশৰ ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমূহ অধিক ক্ষতিগ্ৰস্ত হ’ব বুলি আশংকা কৰা হৈছে। অসংগঠিত ক্ষেত্ৰৰে যুক্ত লোকসকলো ব্যাপকৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছিল ।এতিয়া ৰাষ্ট্ৰসংঘৰ আশংকাত চিন্তা গভীৰ হৈছে চাকৰিজীৱীসকলৰ।
Exit mobile version