Chirang:
আগন্তক বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷ আজি বিটিচিৰ শাসকীয় বিপিএফ দলে সমাগত নিৰ্বাচনত অৱতীৰ্ণ সন্দৰ্ভত বিষদ আলোচনা সভা অনুষ্ঠিত কৰিছে ৷ চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত আজি অনুষ্ঠিত হৈছে বিপিএফ দলৰ ৯৩ সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ ইতিমধ্যে দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা বিভিন্ন কোষৰ কে’বাশ নেতা কৰ্নীয়ে অংশ গ্ৰহণ কৰে এই কাৰ্যনিৰ্বাহ সভাত ৷ দলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাই আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ বাবে বিটিচিৰ অধীনত থকা ১৫ টা সমষ্টিতে নিৰ্বাচন খেলাৰ পোষকতা কৰে যদিও মিত্ৰ দল বিজেপিয়ে চাৰিখন আসন বিচৰা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হব ৷ সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অহা ১৩ মাৰ্চত কোকৰাঝাৰ ভ্ৰমণৰ দিনা দলীয় নেতা কৰ্মীৰ সক্ৰিয় অংশ গ্ৰহণ সন্দৰ্ভতো আলোচনা কৰা হয় ৷
আজিৰ কাৰ্য্যনিৰ্বাহক আৰম্ভৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে কয় বিটিচিৰ ১৫ টা আসনেই আমি এনডিএ হিচাবে খেলিম । অসমৰ ১২৬ টা এনডিএ হিচাবে হ’ব বুলি কয় হাগ্ৰামা মহিলাৰীয়ে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰ ভ্ৰমণ সন্দৰ্ভত কয় আমি বিটিচিৰ উন্নয়নৰ বাবে বিচাৰিম । আমাক উন্নয়ন লাগে বুলি কয় হাগ্ৰামা মহিলাৰীয়ে।



































