স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

FB IMG 1588446438769

■ দোকান সমূহ ৫ বজালৈকে খোলা থাকিব।
■ এই ব্যৱস্থা গাঁও-চহৰ সকলোতে প্ৰযোজ্য হ’ব ।
■ গধূলি ৬ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ থাকিব সকলো।
■ এক তৃতীয়াংশ দোকান খোলিব পাৰিব।
■ দোকানীসকলে নিজৰ মাজত আলোচনা কৰি দোকান সমূহ খোলাৰ ব্যৱস্থা কৰিব ।
■ দুখন বন্ধ দোকানৰ দুইফালে এখন দোকান খুলিব পাৰিব।
■ কিতাপৰ দোকান , অত্যাৱশ্যকীয় সামগ্রীৰ দোকান, ফাৰ্মাচী খোলা থাকিব।
■ এজন ড্ৰাইভাৰ আৰু দুজন যাত্ৰীৰ সৈতে Uber Ola চলাব পাৰিব ।
■ অট’ৰিক্সা, ৰিক্সা , টেক্সি চলিব পাৰিব।
■ কিতাপৰ দোকানৰ ক্ষেত্ৰত এক তৃতীয়াংশ নীতি প্ৰযোজ্য নহয়।
■ মাৰ্কেট কমপ্লেক্স, শ্বপিং মল বন্ধ থাকিব।
■ দুচকীয়া বাহনত মাত্ৰ চালক থাকিব
■ ৫০ শতাংশ কৰ্মচাৰীৰে নিৰ্মাণ কার্য চলাৰ অনুমতি ।
■ চহৰ-গাওঁ সকলোতে নিৰ্মাণ কার্য চলিব।
■ ৫০ শতাংশ যাত্ৰীৰে বাছ চলাব লাগিব।
■ ASTC ৰ অনুমতি সাপেক্ষে চলাব লাগিব বাছসমূহ ।
■ ৰেড আৰু অ’ৰেঞ্জজনত যাতায়তৰ চলাচল বন্ধ।
■ ৰাষ্ট্ৰীয় ঘাইপথসমূহেৰে সকলো গাড়ী চলাচল হ’ব।
■ অ’ৰেঞ্জ জ’নৰ জিলাত ৰখাব নোৱাৰিব বাহন।
■ চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয় সমূহত ৫০% কৰ্মচাৰী উপস্থিত থাকিব ।
■ হোটেল-ৰেস্তোৰাঁৰ পৰা খাদ্য লৈ যাব পাৰিব।
■ হোটেল-ৰেস্তোৰাঁত বহি খাব নোৱাৰিব।
■ চেলুন, পাৰ্লাৰ বন্ধ থাকিব।
■ ঘৰত গৈ দাড়ি-চুলি কাটিব পাৰিব নাপিত সকলে।■ সুৰাৰ বিপনীসমূহ খোলা থাকিব।
■ অসমত পশু-পক্ষী অনা বাহনৰ বাবে অনুমতি নাই।
■ জীম, চিনেমা হ’ল, মাল্টিকমপ্লেক্স, চুইমিং পুল বন্ধ থাকিব।
■ ই-কমাৰ্চ চলি থাকিব।
■ মৰিগাঁও, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰাত অ’ৰেঞ্জ জ’নত অন্তৰ্ভুক্ত।
■ সকলো কৰ্মচাৰীয়ে মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক।
■ সামাজিক দূৰত্ব মানি চলিবই লাগিব।
■ কৰ্মচাৰী সকলক মালিকে দিব লাগিব মাস্ক।
■ সাপ্তাহিক বজাৰ , মাছ- মাংসৰ দোকান বন্ধ থাকিব।
■ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব পাৰিব।
■ ৬৫ বছৰৰ উৰ্দ্ধৰ লোক, ১২ বছৰৰ তলৰ শিশু, গৰ্ভৱতী মহিলা ওলাব নোৱাৰিব।
■ ব্যক্তিগত বাহনত এজন চালক দুজন যাত্ৰীৰে চলাব লাগিব।
■ ৫ বছৰৰ তলৰ শিশু থকা মহিলা কৰ্মচাৰী কৰ্মস্থানলৈ আহিব নালাগে।
■ গাড়ীৰ শ্ব’ৰূমসমূহ খুলিব পাৰিব।
■ ধৰ্মীয় অনুষ্ঠান, সামাজিক সমাবেশ বন্ধ।
■ আন্তঃ জিলা আৰু জিলাৰ সীমাৰ ভিতৰত  বাছ সেৱা মুকলি।
■ পদপথৰ ব্যৱসায়ৰ অনুমতি নাই।

Exit mobile version