তলাবন্ধৰ ফলত ব্যাপক ক্ষতি ক্ষুদ্ৰ চাহ খেতিয়কৰ

IMG 20200430 100805

কৰ’না ভাইৰাছ প্রতিৰোধৰ বাবে দেশ তথা বিশ্বজুৰি তলাবন্ধৰ প্রভাৱ পৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত ৷ তলাবন্ধৰ বাবে চাহ বাগিচাসমূহত আধাসংখ্যক চাহ শ্রমিক কৰ্মত নিয়োগ কৰাৰ কাৰণে কর্মহীন হৈ পৰিছে আধাসংখ্যক শ্ৰমিক ৷ ফলত চাহ খেতিয়কসকল আৰু চাহ শ্রমিকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে৷ মূৰে-কপালে হাত দিছে ৰাজ্যৰ ক্ষুদ্র চাহ খেতিয়কসকলে৷

উল্লেখ্য যে চাহ বাগিচাত এটা মাহত ৩-৪ ৰাউণ্ডকৈ কেঁচা পাত তোলা হয় যদিও এইবাৰ তলাবন্ধৰ বাবে তুলিব নোৱাৰিলে৷ কেঁচা পাত তুলাৰ আৰম্ভণি হোৱাৰ সময়তেই তলাবন্ধ হোৱাৰ কাৰণে নষ্ট হৈছে সুন্দৰকৈ ওলোৱা চাহৰ কলিসমূহ ৷ ফলত চাহ বাগিচাৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ চাহগছৰ আগপাত বাঢ়ি কোৱালিটি নোহোৱা হৈ পৰে৷ লক্ষণীয় যে চাহ বাগিচাৰ পৰা কেঁচা চাহপাত বিক্রী কৰি বহু ক্ষুদ্র চাহ খেতিয়কে নিজৰ পৰিয়াল পোহপাল দি থকাৰ লগতে বহু শ্রমিকে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে৷ তেনেক্ষেত্রত তলাবন্ধৰ ফলত ক্ষুদ্র চাহ খেতিয়ক আৰু শ্রমিকৰ পৰিয়ালসমূহৰ অৱস্থা তথৈবচ হৈ পৰিছে৷

ইফালে চৰকাৰী আঁচনিয়েও এনে পৰিয়ালসমূহক চুবগৈ পৰা নাই, কাৰণ ক্ষুদ্র চাহ খেতিয়কসকল মধ্যবিত্ত পৰিয়ালৰ বুলি চিহ্নিত হোৱাৰ বিপৰীতে বহু শ্রমিকৰ ৰেচন কার্ড পর্যন্ত নাই৷ আনহাতে, তলাবন্ধৰ মাজতে নির্দিষ্ট নীতি-নিয়ম মানি চলি চাহ বাগিচা খুলিবলৈ চৰকাৰে অনুমতি দিয়ে যদিও বহু চাহ বাগিচা এতিয়াও খুলিব পৰা নাই৷

বছৰটোৰ এটা সময়ত চাহগছ এবাৰ কলম দিয়ে যদিও এইবাৰ তলাবন্ধৰ ফলত পাত আৰু গা-গছৰ ধৰণ সলনি হোৱাত বহু বাগিচাত পুনৰ কলম দিবলগীয়া হয়৷ ইফালে, কেঁচা পাতৰ মূল্য নিম্নগামী হোৱাৰ বাবেও চাহ খেতিয়কসকল বিমোৰত পৰিছে৷ পানীৰ দৰত কেঁচা চাহপাত বিক্রী কৰি আহিবলগীয়া হোৱা বুলি একাংশ ক্ষুদ্র চাহ খেতিয়কে আক্ষেপ কৰে৷

বর্তমান তিনিচুকীয়া জিলাত কেঁচা চাহপাত প্রতি কেজিত ১৬-১৮ টকা বুলি জানিব পৰা গৈছে৷ কেঁচা চাহ পাতৰ মূল্য ভাৰতীয় চাহ ব’র্ডে নিয়ন্ত্রণ কৰিব লাগে যদিও চাহ ব’র্ডৰ নির্দেশ বা ঘোষণাক গুৰুত্ব নিদিয়া বুলিহে অভিযোগ উত্থাপিত হৈছে৷ ইয়াৰ পৰিৱৰ্তে মূল্য নিৰ্ধাৰণ কৰে উদ্যোগসমূহৰ কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰসকলে, ফলত উচিত মূল্যৰ পৰা বিৰত থাকিব লগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷ উল্লেখ্য যে অসমত কোম্পানীৰ অধীনত প্রায় ৯০০খন চাহ বাগিচা আছে৷

আনহাতে ৰাজ্যত এক লাখ ২০ হাজাৰ ক্ষুদ্র চাহ বাগিচা আছে, ইয়াৰে প্রায় ৩৫শ খন তিনিচুকীয়া জিলাত আছে৷ উজনি অসমৰ পৰাই দেশৰ চাহ উদ্যোগৰ হৈ অধিক সংখ্যক চাহ বিভিন্ন ৰাষ্ট্রলৈ ৰপ্তানি হৈ আহিছে৷ দেশৰ চাহ উদ্যোগৰ ভিতৰত অসমৰ চাহৰ মান উন্নত বুলি স্বীকৃতি পাই আহিছে ৷ কিন্তু এতিয়া ভূতৰ ওপৰত দানহ পৰাদি চাহ বাগিচাসমূহ ৰোগাক্রান্ত হৈ পৰাৰ ফলত মূৰত সৰগ খহি পৰাৰ দৰে অৱস্থা হৈছে৷ চাহ বাগিচাসমূহত লুপাৰ পোক, ৰঙা চাঁহী (লাল পোক), হেলোপেথিক ৰোগ আদিয়ে আক্রমণ কৰিছে৷

বহু চাহ বাগিচা ৰঙা হৈ যোৱাৰ বিপৰীতে বহু চাহ বাগিচা জ্বলি যোৱাৰ দৰে হৈছে৷ এক কথাত ক’বলৈ গ’লে দেশৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ প্রতি চৰম ভাবুকি আহি পৰিছে৷ তিনিচুকীয়া জিলাৰ গ্ৰামাঞ্চলৰ অধিক সংখ্যক শ্রমিক-কর্মচাৰী জড়িত হৈ থকা চাহ উদ্যোগৰ প্রতি নামি অহা সংকট নিৰাময়ৰ ক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্য উভয় চৰকাৰে কেনে পদক্ষেপ গ্রহণ কৰিব সেয়া লক্ষণীয় হ’ব পৰৱৰ্তী সময়ত ৷

Exit mobile version