বঙাইগাঁৱত কোৱাৰেণ্টাইনত ৰখা লোকৰ সংখ্যা বৃদ্ধি

এটা দিনতে মহিলাসহ চাৰিজন লোক কৰ’নাত আক্ৰান্ত হোৱা বঙাইগাওঁ জিলাত বৃদ্ধি পাইছে কোৱাৰেণ্টাইনত থকা লোকৰ সংখ্যা | সামান্তৰালভাৱে আৰোপ কৰা হৈছে কঠোৰ স্বাস্থ্য সুৰক্ষা ব্যৱস্থা | অৱশ্যে তাৰ মাজতে দেওবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, ফাৰ্মাচী আৰু সুলভ মূল্যৰ দোকান চাৰি ঘন্টাৰ বাবে খোলা হয় বুলি এক সংবাদমেলত সদৰী কৰে জিলাখনৰ উপায়ুক্ত ডা: এম এছ লক্ষ্মীপ্ৰিয়াই | আক্ৰান্তসকলৰ সন্দৰ্ভত তেওঁ কয়, “চাৰিজন আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ৪০৩ জন লোকৰ ১৪১ জনৰ নমুনা জৰুৰীভাৱে সংগ্ৰহ কৰা হৈছে |
স্বাস্থ্য বিভাগৰ কৰ্মী ববিতা বাচেফাৰৰ সংস্পৰ্শলৈ অহা ১৩২ জন লোকৰ ৯৮ জনত ঘৰত নিৰীক্ষণত ৰখাৰ বিপৰীতে ৩৪ জনক কোৱাৰেণ্টাইন কক্ষত ৰখা হৈছে | অভয়াপুৰীত দীপক মল্লিকৰ সংস্পৰ্শলৈ অহা ৭২ জনৰ ভিতৰত ৪৫ জনক হোম কোৱাৰেন্টাইন আৰু ২৭ জনক স্বাস্থ্য বিভাগৰ আইছ’লেচন কেন্দ্ৰত ৰখা হৈছে | ইফালে, স্বাস্থ্যকৰ্মী অনুপম ঠাকুৰীয়াৰ সংস্পৰ্শলৈ অহা ১৬২ জনৰ ১৬ জনক ঘৰত নিৰীক্ষণত ৰখাৰ বিপৰীতে ৮৪ জন আৰু  মীনা বিশ্বকৰ্মাৰ সংস্পৰ্শলৈ অহা ৩৮ জনক চৰকাৰী ব্যৱস্থাৰ অধীনত ৰখা হৈছে |”
Exit mobile version