লাখ লাখ লিটাৰ বীয়েৰ পেলাইছে নলাত

61a5bc5c144dbfcb481874823cbbf9071438338557

কৰ’না ভাইৰাছক প্ৰতিহত কৰিবলৈ দেশজুৰি অব্যাহত তলাবন্ধৰ ফলত নতুনকৈ উৎপাদিত আঠ লাখ লিটাৰ”ফ্ৰেশ্ব বীয়েৰ” অপচয়ৰ সন্মুখীন হোৱাৰ উপক্ৰম হৈছে ৷ দেশৰ ২৫০ টা সৰু সৰু বীয়েৰ উৎপাদনকাৰী ভাটিয়ে এই লোকচানৰ পৰিপ্ৰেক্ষিতত গভীৰ উদ্বেগৰে দিন কটাইছে। প্ৰায় ১২.২০ লাখ কৰ্টন ভাৰতত উৎপাদিত সাতশ কোটি টকা মূল্যৰ বিদেশী সুৰা উত্তৰ পূবৰ ৰাজ্যসমূহত আৱদ্ধ হৈ আছে । দিল্লীৰ বাহিৰে নতুন বিত্তীয় বৰ্ষৰ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত বিক্ৰেতাই এনে ষ্টক বিক্ৰী কৰিবলৈ সংশ্লিষ্ট ৰাজ্যসমূহৰ চৰকাৰ পৰা অনুমোদন আদায় কৰিব লাগে। তলাবন্ধৰ নিষেধাজ্ঞা ফলত এইয়া সম্ভৱ নহ’ল ।

 

সুৰাৰ ভাটিৰ কনছালটেন্ট ঈশান গ্ৰোভাৰ কয় যে বটলত বীয়েৰৰ দৰে”ফ্ৰেশ্ব বীয়েৰ” বা ক্ৰাফট বীয়েৰ”ৰ বেছিদিন ভাল নাথাকে। দিল্লীৰ সমীপৱৰ্তী গুৰগাঁৱৰ বহু কোম্পানীয়ে ইতিমধ্যে বীয়েৰ নলাত পেলাই দিবলৈ আৰম্ভ কৰিছে। কিয়নো ইয়াক সতেজ কৰি ৰাখিবলৈ কাৰাখানাসমূহত উপযুক্ত উষ্ণতা বজাই থাকিবলৈ বিদ্যুতৰ প্ৰয়োজন হয় ৷ ভাৰতৰ ক্ৰাফট বীয়েৰ উৎপাদনকাৰী সংস্থাৰ মতে আঠ লিটাৰ “ফ্ৰেশ্ব বীয়েৰ” ৰাষ্ট্ৰজোৰা তলাবন্ধৰ ফলত পৰি আছে ৷সোনকালে সমাধান সূত্ৰ নোলালে লাখ লাখ লিটাৰ উৎপাদিত বীয়েৰ পেলাই দিব লাগিব। দেশজুৰি থকা ২৫০ টা ক্ষুদ্ৰ বীয়েৰৰ কাৰাখানাই প্ৰায় ৫০ হেজাৰ লোকক নিয়োজিত কৰিছে । মহাৰাষ্ট্ৰৰ ক্ৰাফট বীয়েৰ এছ’চিয়েছন প্ৰেছিডেণ্ট নকুল ভোছলে কয় যে বীয়েৰ কঢ়িয়াই নিয়া বিশেষ বটলত ঘৰলৈ নিব পৰাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে ৷ তেওঁ কয় যে বিশ্বজুৰি ৩৫ খন দেশত বহু বছৰ ধৰি এনে ব্যৱস্থা আছে আৰু মানুহ এনে বিশেষ বটলত ফ্ৰেশ্ব বীয়েৰ ঘৰলৈ নিয়ে ৷

Exit mobile version