শিৱসাগৰৰ বৌদ্ধিক মহলে তলাবন্ধক পৰিণত কৰিলে সৃষ্টিশীলতালৈ

কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ সময়ত দেশৰ জনসাধাৰণ গৃহবন্দী হৈ আছে । এই সময়ত সকলোৱে সময় পাৰ কৰিছে ঘৰুৱা কামকাজৰ লগতে সৃষ্টিশীল কৰ্মত ৷ তলাবন্ধৰ সময়খিনিক সদব্যৱহাৰ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা যশস্বী কথাশিল্পী ইমৰান শ্বাহে প্ৰস্তুত কৰি উলিয়ালে দুখনকৈ গ্ৰন্থৰ পাণ্ডুলিপি। তদুপৰি এই দীঘলীয়া সময়খিনিত ইমৰান শ্বাহে যথেষ্ট সংখ্যক গ্ৰন্থ অধ্যয়ন কৰাৰ কথাও সদৰি কৰে ৷ তদুপৰি যশস্বী কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ এই পৃথিৱীৰ অসুখক লৈ যথেষ্ট উদ্বেগ বুলি মন্তব্য কৰে। তেওঁ তলাবন্ধৰ সময়ত চিংফৌ, টাই ফাকে,মেছ কছাৰী আদি গ্ৰন্থ অধ্যয়ন কৰি সময় পাৰ কৰিছে।

ADVERTISEMENT

 

গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ,বিশিষ্ট নিবন্ধকাৰ ড° সব্যসাচী মহন্তই তলাবন্ধৰ সময়খিনিৰ সদব্যৱহাৰ কৰি ভালেকেইটা সৃষ্টিমূলক কাম কৰিলে বুলি জানিবলৈ দিয়ে। শিৱসাগৰৰ আন এগৰাকী বিশিষ্ট নিবন্ধকাৰ পাৰ্থ প্ৰদীপ বৰাই তলাবন্ধৰ সময়খিনি ঘৰতেই আৱদ্ধ থাকি বতৰৰ কিছু কৃষি কাৰ্য কৰাৰ লগতে তিনিটা গল্প লিখি উলিয়াই। লেখকসকলে সৃষ্টিশীলতা বৰ্তাই ৰাখিবলৈ আত্মমন্থণ, আত্মানুসন্ধান আৰু আত্মশ্লাঘাৰ প্ৰয়োজন আৰু তাৰ লগে লগে একাকীকত্বৰ সোৱাদৰো আৱশ্যক বুলি মন্তব্য কৰে পাৰ্থ প্ৰদীপ বৰাই। হাতত পোৱা অপৰ্যাপ্ত সময় পৰিয়ালৰ লগত আনন্দৰে কটোৱাৰ লগতে দুটা গল্প লিখা আৰু কিতাপ পঢ়ি সময় পাৰ কৰিলে নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° জীতেন কলিতাই।

 

শিৱসাগৰ জিলাৰ আন এগৰাকী লেখক তথা কে’বাখনো গ্ৰন্থৰ প্ৰণেতা, সংবাদসেৱাৰ স’তে জড়িত হৰেন চন্দ্ৰ নাথে তলাবন্ধৰ চল্লিশটা দিন লেখা মেলাৰ লগতে নিজ অঞ্চলৰ বাতৰি সংগ্ৰহ কৰি কটালে বুলি জানিবলৈ দিয়ে। তলাবন্ধৰ দীঘলীয়া সময়খিনি সাৰ্থকভাৱে পাৰ কৰিলে বুলি জনায় শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ সভাপতি তথা লেখক গৱেষক ড° প্ৰশান্ত কুমাৰ চুতীয়াই ৷ কিন্তু তলাবন্ধ দীঘলীয়া হোৱাটো নিবিচাৰে বুলি জনালে ড° চুতীয়াই । কাৰণ সামাজিক শৃংখলটো যিহেতু সম্পূৰ্ণ ৰূপে ভাগি পৰিছে । দুখীয়া শ্ৰেণীৰ লোকসকল সমস্যাত পৰিছে ৷ গতিকে গ্ৰীণ জ’নত কিছু পৰিমাণে তলাবন্ধ শিথিল কৰি স্বাভাৱিক জীৱন ঘূৰাই অনাত চৰকাৰে গুৰুত্ব দিয়াতো অত্যন্ত ভাল কাম হৈছে ৷

Exit mobile version