বি টি এ ডিত ৰাজ্যপালৰ শাসনক লৈ আজি শুনানি

gavel 10

বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল(বি টি চি) ত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিছে ৰাজ্য চৰকাৰে ৷ সাম্প্ৰতিক পৰিস্থিতিত বি টি চিত ৰাজ্যপাল শাসন প্ৰৱৰ্তনৰ বিৰোধিতাৰে বি পি এফে দাখিল কৰা লেখ আবেদনৰ শুনানী কাইলৈৰ পৰা গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ আদালত চৌহদত এই কথা ব্যক্ত কৰি অধিবক্তাই কয় যে সাম্প্ৰতিক পৰিস্থিতিত বি টি এ ডিৰ চাৰি জিলাত ৰাজ্যপালৰ শাসনৰ বিৰোধিতা কৰি বি টি চি পৰিষদৰ উপাধ্যক্ষ নৰসিংহ বড়ো আৰু চি পি এফৰ কাৰ্যকৰী সদস্য জগদীশ সৰকাৰে দাখিল কৰা ২১৪৩/২০২০ নম্বৰ লেখ আবেদন শুনানিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰাই খুড়ানাই আজিৰ দিনটো ধাৰ্য কৰে। ইয়াৰ ভিত্তিতে ৰাজ্য চৰকাৰে সমগ্ৰ বিষয় সন্দৰ্ভত দুখন আৰু আজি এখন শপতনামা দাখিল কৰে ৰাজ্য চৰকাৰকে ধৰি সংশ্লিষ্ট আবেদনৰ পৰৱৰ্তী শুনানিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে কাইলৈৰ দিনটো ধাৰ্য কৰা বুলি অধিবক্তাই জনায় ৷

Exit mobile version