গোলাঘাট অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ণ

goalpara civil hospital barbhita goalpara hospitals 8zzt743t6r
গোলাঘাটৰ শ্বহীদ  কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰেন্টাইন কোঠাৰ পৰা যোৱা নিশা চিকিৎসাৰত এজন ৰোগীয়ে পলায়ণ কৰাৰ ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।  পলায়ণ কৰা লোকজনৰ নাম মুকুল মিত্ৰ ( ৩৮) । অসামৰিক চিকিৎসালয়ৰ তথ্য অনুসৰি তেওঁৰ ঘৰ পশ্চিম বংগৰ কুকুমাক্স বুৱা গাঁৱত ।  উল্লেখ্য যে, নাগালেণ্ডৰ ডিমাপুৰৰ পৰা ৰহস্যজনকভাৱে যোৱা ১ মে’ত বোকাখাতত খোজকাঢ়ি উপস্থিত হোৱাৰ পাচত আৰক্ষীয়ে ৰাইজৰ সহযোগত বোকাখাত চিকিৎসালয়ত আন তিনিজন লোকসহ তেওঁক ভৰ্তি কৰে । লোকজনৰ দেহত জ্বৰৰ অৱস্থিতি পোৱাত বোকাখাত চিকিৎসালয়ৰ পৰা তেওঁৰ লগতে আন তিনিজন লোকক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ  প্ৰেৰণ কৰা হয় আৰু ইয়াৰ পিছতে তেঁওলোকক কোৱাৰেণ্টাইনত ৰখা হয় । চিকিৎসাধীন তিনিজনৰ পৰীক্ষাৰ ফলাফলৰ প্ৰতিবেদনত নিগেটিভ অহাত তিনিওজনকে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয় ।
ইপিনে, মুকুল মিত্ৰ কোৱাৰেণ্টাইনত আছিল। অৱশ্যে যোৱা ৩  মে’ৰ ক’ৰনা টে’ষ্টৰ পৰীক্ষাৰ ফলাফলত নিগেটিভ আহিছিল লোকজনৰ । কিন্তু যোৱা নিশা আহাৰ গ্ৰহণ কৰাৰ পাচত তেওঁ  কোৱাৰেণ্টাইন কোঠাৰ খিৰিকীৰে ৰহস্যজনকভাৱে পলায়ণ কৰে । চিকিৎসালয় কৰ্তৃপক্ষই  নিশা উক্ত কোৱাৰেণ্টাইন কোঠাত তলা লগোৱাৰ পিছত আজি পুৱা তলা খুলি ৰোগীজন অন্তৰ্ধান হোৱাৰ তথ্যই চিকিৎসালয়খনত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে । কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত কোৱাৰেণ্টাইনত থকা পশ্চিমবংগৰ লোকজন কিয় এনেদৰে  চিকিৎসালয়ৰ বিচনাৰ পৰা পলায়ণ কৰে, সেয়া গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে । এই সন্দৰ্ভত অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ উত্তম দত্তই চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ইতিমধ্যে গোলাঘাট সদৰ আৰক্ষী থানাত  লিখিতভাৱে অৱগত কৰিছে ।
Exit mobile version