ক’ভিড-১৯ ধৰি পৰাৰ পিছত জীৱনৰ অন্তিম সময়খিনি নিজগৃহতেই থাকিব বিছাৰিছিল লণ্ডনৰ এগৰাকী বৃদ্ধই ৷ আৰু বৃদ্ধ গৰাকী পুত্ৰ ৰাজ নাথৱানিয়ে পিতৃৰ ইচ্ছা পূৰণ কৰি কৰ”না ভাইৰাছৰ পৰা সুস্থ কৰালে। যোৱা ২৫ মাৰ্চত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বৃদ্ধ গৰাকীৰ পুত্ৰ ৰাজে পিতৃক লণ্ডনৰ সমীপৰ ৱাৰ্টফৰ্ড জেনেৰেল হাস্পতালত ভৰ্তি কৰায় । কিন্তু ক্ৰণিক অবষ্ট্ৰাক্টিভ পালম’নেৰী ডিজিজত আক্ৰান্ত বৃদ্ধ গৰাকীক ভেন্টিলেটৰত ৰাখিবলৈ অমান্তি হৈছিল চিকিৎসালয় কৰ্তৃপক্ষ । চিকিৎসালয় কৰ্তৃপক্ষই বৃদ্ধগৰাকীক ঘৰলৈ নিবলৈ পৰামৰ্শ দিয়ে। আনহাতে ৰাজৰ ঘৰতো আছে ৮০ বছৰীয়া বৃদ্ধা মাতৃ ৷
গতিকে কৰ’না সংক্ৰমণৰ আশংকা কৰে ৰাজে ৷কিন্তু সাহস গোটাই বৃদ্ধ পিতৃক ঘৰলৈ আনি প্ৰথমতে সমগ্ৰ ঘৰ আৰু চৌহদ চেনিটাইজাৰ কৰে ৷ তলৰ মহলাত কৰে মাতৃ থকাৰ ব্যৱস্থা ৷বাসগৃহৰ দ্বিতীয় মহলাতত পিতৃক ৰাখে । আৰু দ্বিতীয় মহলাতো একপ্ৰকাৰ চিকিৎসালয়লৈ পৰিণত কৰে। আৰু কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ লগা সকলো সাৱধানতা অৱলম্বন কৰে ৰাজে । থাৰ্ম’মিটাৰ, ৰক্তচাপ পৰীক্ষাৰ যন্ত্ৰ, নাড়ী পৰীক্ষাৰ যন্ত্ৰ বা অক্সিমিটাৰৰ দ্বাৰা পিতৃৰ শাৰীৰিক অৱস্থা চোৱাৰ বাবে তেওঁ গুগল স্প্ৰেডশ্বীট তৈয়াৰ কৰে । পুত্ৰ ৰাজ নাথৱানিৰ সকলো তৎপৰতা সম্প্ৰতি সুস্থ হৈ উঠিছে ৮১ বছৰীয়া বৃদ্ধ ৷