চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা তেজপুৰৰ এগৰাকী বৃদ্ধা

IMG 20200506 WA0039 e1588776182745
বাসগৃহ নহয় যেন এক ধ্বংসাৱশেষৰ অংশহে৷বৰষুণ দিলেই বাহিৰৰ সমান্তৰালকৈ ভিতৰতো উপচি পৰে পানী ৷ ফটা-চিতা যি সামান্য কাপোৰ আছে সেয়া ভিজাৰ পিছত বাসগৃহ নামৰ এই ধ্বংসস্তুপত বসবাস কৰা মহিলা গৰাকীয়ে কঁপি কঁপি সময় অতিবাহিত কৰাৰ বিকল্প নাথাকে ৷ যোৱা সুদীৰ্ঘ ২৫টা বছৰ এনেদৰেই চৰম প্ৰত্যাহবানৰ মাজৰে দিন অতিবাহিত কৰিছে শ্যামলা দেৱ নাথ নামৰ ৬৫বছৰীয়া মহিলা গৰাকীয়ে৷তেজপুৰৰ ডেকাৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চল হাৰিগাঁৱত এইদৰেই  অসহায়ভাবে অতিবাহিত কৰিছে জীৱন ৷ চাৰিজন পুত্ৰৰ এইগৰাকী মাতৃ বৰ্তমান তেওঁলোকৰ বাবে এলাগী৷শ্ৰৱণ শক্তি হেৰুৱাই পেলোৱা আৰু বৰ্তমান দৃষ্টি শক্তিও হ্ৰাস পোৱা মহিলাগৰাকীয়ে খুজি মাগি কোনোমতে দিন অতিবাহিত কৰাৰ বিপৰীতে চৰকাৰী কল্যানকামী কোনো আঁচনিয়ে তেওঁক ঢুকি পোৱা নাই ৷
যোৱা সময়ত একাধিকবাৰ সলনি হ’ল এই পঞ্চায়তৰ সভাপতি,জিলা পৰিষদৰ সদস্য তথা আঞ্চলিক আৰু খণ্ডৰ পঞ্চায়ত সদস্য৷চৰকাৰেও বিভিন্ন সময়ত দৰিদ্ৰৰ বাবে গ্ৰহণ কৰিলে ভিন্ন আঁচনি৷আৱাস, বৃদ্ধ-পেঞ্চন, ৰন্ধন গেছ আদি কোনো আঁচনিৰেই সুফল লাভ কৰিবলৈ সক্ষম নহ’ল এইগৰাকী মহিলা ৷ এটা আৱাসগৃহ লাভৰ বাবে অঞ্চলটোত আটাইতকৈ উপযুক্ত মানুহ হোৱা সত্বেও এই পৰ্যন্ত মহিলাগৰাকীৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত নহ’ল৷সম্প্ৰতি ৰাজ্যত অব্যাহত থকা তলাবন্ধৰ সময়ত এমুঠি ছাউলৰ বাবেও হাঁহাকাৰ কৰিবলগীয়া হোৱা মহিলাগৰাকীয়ে আনকি পঞ্চায়তৰ জৰিয়তে দৰিদ্ৰক প্ৰদান কৰা এহেজাৰ টকা তথা বিনামূলীয়া চাউলো লাভ কৰা নাই ৷ এনে অৱস্থাত একাংশ সংবাদকৰ্মী আৰু সচেতন লোকেই এই মহিলাগৰাকীৰ বাবে একমাত্ৰ ভৰষা হৈ পৰিছে ৷
Exit mobile version