ট্ৰাই চাইকেলেৰে ঘৰে ঘৰে পাচলি বিক্ৰী কৰি জীৱন জীৱিকাৰ সংগ্ৰাম চলাইছে বিশেষভাৱে সক্ষম ব্যক্তিয়ে

Polash Saikia

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চলি থকা তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত সৰ্বসাধাৰণ ৰাইজৰ আৰ্থিক অনাটন কিছু পৰিমাণে লাঘৱ কৰিবলৈ শিথিলতা অনা হৈছে । তাৰ মাজতে কিছুমান পৰিয়ালত তলাবন্ধ শিথিল কৰিলেও কিন্তু পুনৰ উপাৰ্জন টনকিয়াল হোৱা নাই। শিৱসাগৰ জিলাৰ বৰুৱা পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নামদঙীয়া গাঁৱৰ বিশেষভাৱে সক্ষম ব্যক্তি পলাশ শইকীয়া আৰু তেখেতৰ পত্নী প্ৰিয়ংকা শইকীয়াই তৃতীয় পৰ্যায়ৰ তলাবন্ধ শিথিল হোৱাৰ পিছৰে পৰা আৰম্ভ কৰিছে জীৱন জীৱিকাৰ সংগ্ৰাম।

 

শইকীয়া দম্পতীয়ে সাপ্তাহিক বজাৰত চাহৰ দোকান দি অৰ্জন কৰা ধনেৰে চাৰিজনীয়া পৰিয়ালটি পোহপাল দি আছিল যদিও কৰ’না ভাইৰাছৰ কাৰণে তেওঁলোকৰ ব্যৱসায় বন্ধ হৈ যায় । সম্প্ৰতি বিশেষভাৱে সক্ষম পলাশ শইকীয়াই নিজৰ ট্ৰাই চাইকেলখনত কচু, ঢেঁকীয়া, মাটিকাদুৰী, পদিনা, খুতৰা, ভোট জলকীয়া, কলডিল আদি শাকপাচলি বিক্ৰী কৰি পৰিয়ালটি চলাবলগীয়াত পৰিছে ৷ আজি পুৱা শইকীয়া দম্পতী কালুগাঁও প্ৰেছ ক্লাবৰ সন্মুখত উপস্থিত হোৱাত প্ৰেছ ক্লাৱৰ তৰফৰ পৰা একোখনকৈ মাস্ক আৰু খোৱাবস্তু প্ৰদান কৰাৰ উপৰিও পলাশ শইকীয়াৰ পৰা শাক পাছলি ক্ৰয় কৰে। আৰু শইকীয়াক কৰ’না ভাইৰাছৰ সন্দৰ্ভত সজাগ হ’বলৈ আহ্বান জনায়।

Exit mobile version