তলাবন্ধই অমানিশা কঢ়িয়াই আনিলে প্ৰদীপ- প্ৰণৱ-নৱ-জয়ন্তসহ ৫০ টা পৰিয়াললৈ

WhatsApp Image 2020 05 06 at 12.03.03 PM

অপ্ৰতিৰোধ্য ক’ভিড-১৯ জীৱাণুৱ্ কম্পিত কৰি তুলিছে সমগ্ৰ বিশ্ব | ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয় | ইতিমধ্যে এই বীজাণুত আক্ৰান্ত হৈছে ৪০ হেজাৰৰো অধিক | মানৱ সভ্যতাক সংকটজনক পৰিস্থিতিলৈ ঠেলি দিয়া এই মাৰাত্মক ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দেশজুৰি বলৱৎ কৰা হৈছে তলাবন্ধ | দেশত যোৱা ২৪ মাৰ্চৰ পৰা একাধাৰে বলৱৎ এই তলাবন্ধই প্ৰায় ৪৪ টা দিন অতিক্ৰম কৰে যদিও যোৱা চাৰি মে’ৰ পৰা কিছু শিথিলতাৰ জৰিয়তে ঠায়ে-ঠায়ে স্বাভাৱিক জীৱন যাত্ৰা ক্ৰমান্বয়ে ঘূৰি আহিছে |

 

উল্লেখ্য যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ সৰ্বাত্মক ৰূপত ৰূপায়ণ কৰা হয় দেশৰ সকলো প্ৰান্তত | এই সময়ছোৱাত শ্ৰমজীৱি লোকসকল যি এক অভূতপূৰ্ব অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে নকৈ কোৱাৰ প্ৰয়োজন নাই | প্ৰায় ৪১ দিন গৃহবন্দিত্বৰ ফলত কৃষিপ্ৰধান দেশখনত থলুৱা কৃষকসকলকে ধৰি সকলো শ্ৰমজীৱি পৰিয়ালৰ জীৱিকা উপাৰ্জনৰ পথ স্তব্ধ হৈ পৰাৰ ফলত আৰ্থিকভাৱে কোঙা হৈ পৰে | চৰকাৰে এই সময়ছোৱাত কিছু পৰিমাণে আৰ্থিক তথা বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় | অসমতো এই তলাবন্ধৰ ফলত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয় শ্ৰমজীৱি লোকসকল | এই তলাবন্ধৰ সময়ত ৰাজ্যৰ হেজাৰ হেজাৰ পৰিয়ালৰ উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰাৰ ফলত ভৱিষ্যতক লৈ একপ্ৰকাৰ চিন্তিত হৈ পৰিছে |

একাধাৰে যোৱা ২৪ মাৰ্চৰ পৰা তিনি এপ্ৰিললৈ সৰ্বাত্মক তলাবন্ধৰ ফলত ৰাজ্যৰ সকলো দোকান-পোহাৰ বন্ধ হৈ পৰে | বিশেষকৈ ৰাজধানী মহানগৰীত ভাড়াঘৰত থাকি দৈনিক উৰ্পাজনেৰে পৰিয়াল পোহপাল দিয়া ব্যৱসায়ী তথা শ্ৰমজীৱি লোকসকল অৰ্থনৈতিক ভাৱে জুৰুলা হৈ পৰে |সাঁচতীয়া টকাৰ লগতে হৃদয়বান লোকৰ সহায়ত কোনোমতে ৪১ দিন কটোৱাৰ অন্তত কালিৰে পৰা ক্ৰমে স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈছে , লাহেকৈ ব্যৱসায় আৰম্ভ হৈছে | কিন্তু এই সময়ছোৱাত বহু ব্যৱসায়িক প্ৰতিষ্ঠানতে বহু সামগ্ৰী বেয়া তথা নষ্ট হৈ পৰাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে|

 

 

বিশেষকৈ মহানগৰীত ফল-ফুলৰ পুলি বিক্ৰী কৰি পুৱা দৈনিক উৰ্পাজনেৰে পৰিয়াল পোহপাল দিয়া প্ৰদীপ, প্ৰণৱ, নৱ, জয়ন্তসহ প্ৰায় ৫০ টা পৰিয়ালৰ জীৱনলৈ দীঘলীয়া তলাবন্ধই কাল অমানিশা কঢ়িয়াই আনিলে | এই তলাবন্ধই ফল-ফুলৰ পুলি বিক্ৰী কৰা প্ৰায় ২২ খন দোকানত গড়ে প্ৰায় ৫০ হেজাৰকৈ টকাৰ মূল্যৰ ফল-ফুলৰ পুলি শুকাই যোৱাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈ ব্যৱসায়ীসকল মানসিকভাৱে ভাগি পৰিছে | তলাবন্ধৰ কিছু শিথিলতাৰে যোৱা সোমবাৰৰ পৰা দোকান-পোহাৰ খোলাৰ পাছত ব্যৱসায়ীসক এই ক্ষতি দেখি চিন্তিত হৈ পৰিছে | উল্লেখ্য যে এই ২২ খন দোকানত প্ৰায় ১০ লাখ টকাৰ মূল্যৰ পুলি নষ্ট হোৱা বুলি ব্যৱসায়ীসকলে উল্লেখ কৰিছে |

Exit mobile version