ৰাজ্যত কাঠফুলা ভক্ষণ কৰি পুনৰ মৃত্যু হ’ল এজনৰ। তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত মেলামাটিৰ সমীপৰ ডফলাটিঙ মিচিং গাঁৱৰ নিবাসী মহীপাল পলঙৰ পুত্ৰ কিৰণ পলঙ (২৬)ৰ কাঠফুলা খাই মৃত্যু হয়। তেওঁৰ পিতৃ মহীপাল পলঙেও মূমূৰ্ষু অবস্থাত মৃত্যুৰ ক্ষণ গণিছে। প্ৰাপ্ত তথ্য মতে ১ মে’ৰ গধুলি মহীপাল পলঙ আৰু তেওঁৰ পুতেকে কিৰণ পলঙে ভাতৰ লগত বনৰীয়া কাঠফুলা ভক্ষণ কৰে । কাঠফুলা খোৱাৰ প্ৰসংগত পৰিয়ালটোৰ আন তিনিজন ভাতৃ আৰু মাতৃৰ লগত মতানৈক্য হৈছিল । কিন্তু তেওঁলোক দুজনে বাধা নামানি কাঠফুলা ভক্ষণ কৰে । কাঠফুলা খোৱাৰ পিছত দুয়োজন বিষক্ৰিয়াত আক্ৰান্ত হোৱাত ২ মে’ত যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰে । দুৰ্ভাগ্যজনক ভাৱে যোৱা নিশা প্ৰায় ১১টা বজাত কিৰণ পলঙৰ মৃত্যু হয়। আনহাতে মৃত কিৰণ পলঙৰ পিতৃৰ অৱস্থা শোচনীয় হোৱাত আৰোগ্য হোৱাৰ আশা নাই বুলি চিকিৎসালয়ৰ পৰা পঠিয়াই দিয়ে । ইপিনে, চিকিৎসালয়ৰ পৰা পঠিয়াই দিয়াৰ পাছতে এতিয়া তেঁও মৃত্যুৰ ক্ষণ গণিছে ।
তিতাবৰত কাঠফুলা খাই পুত্ৰৰ মৃত্যু
-
By publisher
Related Content
Dibugarh Youth Dead:ডিব্ৰুগড়ত হঠাৎ ঢলি পৰি যুৱকৰ আকস্মিক মৃত্যু
By
publisher
February 3, 2025
Bilasipara Festival Incident:অথঃবিলাসীপাৰাৰ মিউজিক ফেষ্টিৱেল কাণ্ড
By
publisher
February 3, 2025
Doboka Incident:ডবকা বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত দেৱস্থানত বন মাফিয়াৰ সন্ত্রাস
By
publisher
February 3, 2025
DGP Awards:অসম আৰক্ষীৰ ৯গৰাকী বিষয়ালৈ আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ বঁটা
By
publisher
February 3, 2025
Married man fled after impregnating a widow:বিধবা মহিলাক অন্তঃসত্বা কৰি পলায়ন এজন বিবাহিত লোকৰ
By
publisher
February 3, 2025