পলকতে চাওঁ আহক বলীউডৰ সৰু সৰু খবৰ

WhatsApp Image 2020 05 06 at 8.06.05 PM 1

১. বলীউডৰ অভিনেত্ৰী নীনা গুপ্তাৰ কন্যা তথা ডিজাইনাৰ, বিচাৰক মাছাবা গুপ্তাৰ সততে বলীউডৰ চেলিব্ৰিটীসকলৰ কাৰণে বিভিন্ন পোচাক ডিজাইন কৰি চৰ্চিত হয ৷ শেহতীয়াকৈ মাছাবাই মাস্ক ডিজাইন কৰিছে ক’ভিড-১৯ৰ সময়তো নিজৰ দায়িত্ব পালন কৰা আৰক্ষী বিষয়াসকলৰ কাৰণে ৷ এই সন্দৰ্ভত মাছাবাই লিখিছে “এইয়া জীৱনজুৰি মনত থাকিব যাব” ৷

২. বিগ বছৰ জেছলীন মাথুৰ আৰু গায়ক অনুপ জোলোটাক চাগে পাহৰা নাই অনুৰাগী সকলে। কিন্তু এইবাৰ জেছলীন মাথুৰৰ সন্দৰ্ভত অনুপ জোলোটাৰ মন্তব্য “তেওঁ মোৰ ছোৱালীৰ দৰে ৷ জেছলীনৰ কন্যাদান মই কৰিম” ।

৩. নিজকে পিতৃৰ চৰিত্ৰত অভিনয় কৰিব পৰাকৈ সজালে কৰণ জোহৰে । অনিল কাপুৰৰ মন্তব্য “মোৰ মুখৰ ভাত কিয় কাঢ়ি খাব খুজিছা” ৷

৪. কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দিয়া তলাবন্ধৰ সময়ত ধাৰাবাহিক আৰু বলীউডৰ অভিনেতা গুৰমিত চৌধুৰীৰ দেশৰ শ্ৰমিকসকললৈ আহ্বান ” ইমানদিনে ঘৰতে থাকিলে আৰু অলপ দিন ঘৰতে থাকক ” ৷

৫. হলীউদ আৰু বলীউডৰ বিভিন্ন চেলিব্ৰিটিৰ সমাহাৰ হোৱা মেটগালা ইভেণ্ট বাতিল হ’ল কৰ’না ভাইৰাছৰ কাৰণে ৷ এনেসময়তে কণমানি মেকআপ আৰ্টিষ্টৰ মেকআপত ৰাজকুমাৰী হ’ল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা ৷

৬. কৰ’না ভাইৰাছৰ প্ৰতিৰোধ আৰু সাহাৰ্যৰ কাৰণে একত্ৰিত হোৱা বলীউডৰ “আই ফৰ ইণ্ডিয়”ৰ বৃহৎ সাফল্য ৷ একত্ৰিত কৰিলে ৫২ কোটি টকা ৷

৭. কৰ’না ভাইৰাছৰ কাৰণে সকলোৰে সহযোগিতাৰ আৱশ্যকঃবলীউডৰ অভিনেতা বিদ্যুৎ জামুৱাল ৷

৮. ঈদ আৰু ছলমান খানৰ ছবি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ কাৰণ প্ৰত্যেক বছৰে ঈদতেই ছলমান খানৰ একাংশ ছবিয়ে মুক্তি লাভ কৰে। কিন্তু এইবাৰ কৰ’না ভাইৰাছৰ কাৰণে ঈদত মুক্তি নাপায় ছলমানৰ “ৰাধে” ৷  ইয়াৰ বিপৰীতে দিৱালীত মুক্তি পাব ছলমান খানৰ “ৰাধে” ৷

Exit mobile version