বিশ্ব স্বাস্থ্য সংস্থাৰ পিছত আমেৰিকাৰ স্বাস্থ্য বিশেষজ্ঞ এন্থনী ফ’চীৰ দাবী : কৰ’না মানৱ সৃষ্ট নহয়

AP 20100839924385

 

ADVERTISEMENT

সমগ্ৰ বিশ্বত কৰ’না মহামাৰীৰ সংহাৰীত মানৱ জীৱন ধ্বংস হোৱাৰ উপক্ৰম হৈছে ৷ তেনে সময়তে কৰ’না ভাইৰাছক লৈ আমেৰিকা আৰু চীনৰ মাজত শীতল যুদ্ধ অব্যাহত থকা পৰিলক্ষিত হৈছে ৷ ইফালে আমেৰিকাই সততে চীনক কৰ’না ভাইৰাছ সমগ্ৰ বিশ্বত প্ৰসাৰিত হোৱাৰ ক্ষেত্ৰত কৰা দোষাৰোপক খণ্ডন কৰি এইবাৰ আমেৰিকাৰে স্বাস্থ্যৰ বিশেষজ্ঞ এন্থনী ফ’চীয়ে কয় যে কৰ’না ভাইৰাছ কোনো পৰীক্ষাগাৰৰ পৰা নহয় প্ৰকৃতিৰ পৰা বিকশিত হৈছে । বিশেষজ্ঞ এন্থনীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চীনৰ প্ৰতি কৰা অভিযোগক খণ্ডন কৰে । কৰ’না ভাইৰাছে আমেৰিকাত বৰ্তমান ধ্বংসযজ্ঞৰ সৃষ্টি কৰিছে ৷ সেয়েহে সততে সংবাদ মাধ্যমত ট্ৰাম্পে কৰ’না ভাইৰাছ চীনৰ য়ুহানৰ পৰা সৃষ্টি হোৱা বুলি মন্তব্য কৰে ৷

 

ইয়াৰ বিপৰীতে সোমবাৰে বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছিল যে য়ুহানৰ পৰীক্ষাগাৰৰ পৰা কৰ’না ভাইৰাছৰ উৎপত্তিৰ বিষয়ে প্ৰমাণ কৰিবলৈ আমেৰিকাৰ ওচৰত কোনো তথ্য নাই । আনহাতে বিশ্বৰ একাংশ বিজ্ঞানীয়ে কৈছিল যে এই ভাইৰাছ জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হৈছে । অৱশ্যে কিছু সংখ্যকে চীনৰ এখন বজাৰৰ পৰা এই ভাইৰাছ অহা বুলিও মন্তব্য কৰে । আমেৰিকাৰ মহামাৰী বিশেষজ্ঞ এন্থনীয়ে নেশ্যনেল জিয়োগ্ৰাফিৰ এখন জাৰ্ণেলত বিশ্ব স্বাস্থ্য সংস্থাৰ মতামতক সমৰ্থন কৰে । লগতে তেওঁ কয় যে যদি কৰ’না ভাইৰাছ বাদুলীৰ পৰা সংক্ৰমিত হোৱা বুলি ধৰি লোৱা হয় তেন্তে ইয়াৰ পৰা প্ৰমাণ হয় যে এই ভাইৰাছ মানৱ সৃষ্ট নহয় ।

 

উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দীৰ্ঘ সময় ধৰি চীনৰ য়ুহানৰ পৰা কৰ’না ভাইৰাছ সমগ্ৰ বিশ্বত বিয়পিছে বুলি অভিযোগ উত্থাপিত কৰি আহিছে ৷ ট্ৰাম্পে দাবী কৰিছিল যে তেওঁৰ ওচৰত প্ৰমাণ আছে । আনহাতে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়ও দেওবাৰে কৰ’না ভাইৰাছৰ ক্ষেত্ৰত চীনৰ বিৰুদ্ধে প্ৰমাণ আছে বুলি মন্তব্য কৰে ৷ অৱশ্যে আমেৰিকাৰ ইন্টেলিজেন্স ডিপাৰ্টমেণ্টে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ লগতে কৰ’না ভাইৰাছ য়ুহানৰ পৰা বিয়পা নাই বুলি চীনয়েও অস্বীকাৰ কৰিছে । বিশ্ব স্বাস্থ্য সংস্থাই বিগত সপ্তাহত সদৰী কৰিছিল যে চীনে কোনোবা আন্তৰাষ্ট্ৰীয় দক্ষতাসম্পন্ন ব্যক্তিৰ ওচৰত এই সমগ্ৰ ঘটনা যাতে তদন্ত কৰায়, সেইয়া তেওঁলোকে বিচাৰে ৷ কাৰণ বিশ্ব স্বাস্থ্য সংস্থাও জানিব বিচাৰে যে এই ভাইৰাছৰ উৎপত্তি স্থল কি? এই সন্দৰ্ভত মংগলবাৰে চীনৰ এজন এম্বেছাদৰে কয় যে যেতিয়ালৈকে কৰ’না ভাইৰাছৰ লগত সম্পূৰ্ণভাৱে মোকাবিলা কৰিব পৰা নাযায় , তেতিয়ালৈকে চীনে এই ক্ষেত্ৰত অনুমতি প্ৰদান নকৰে ৷ কাৰণ চীনৰ প্ৰথম প্ৰাথমিকতা কৰ’না ভাইৰাছক এই পৃথিৱীৰ কৰা নিঃশেষ কৰা ৷

Exit mobile version