শ্ৰমজীৱি-ক্ষুদ্ৰ উদ্যোগীক সকাহ দিবলৈ ব্যৱস্থা নাই চৰকাৰৰ : তৰুণ গগৈ

31 07 18 Guwahati Tarun Gogoi press meet 3
মহামাৰী কৰ’নাৰ ফলত সৃষ্টি হোৱা সাম্প্রতিক জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ সাধাৰণ শ্ৰমজীৱী লোক আৰু ক্ষুদ্ৰ-উদ্যোগৰ বাবে চৰকাৰে সঠিক পৰিকল্পনা নকৰিলে আগন্তুক দিনত ভাইৰাছবিধতকৈয়ো ভয়াবহ পৰিৱেশৰ সৃষ্টি হ’ব। এনেদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা তলাবন্ধক আদৰণি জনালেও এয়া অপৰিকল্পিত ভাৱে কৰা বুলি মন্তব্য কৰে । আগতীয়া পৰিকল্পনা তথা প্ৰস্তুতি নথকাৰ বাবে দেশৰ সাধাৰণ লোকসকল অধিক জটিল পৰিস্থিতিৰ সন্মূখীন হোৱা বুলি তেওঁ কয়।
‘ঠেলাৱালা’, ‘ৰিক্সাৱালা’ আদি সাধাৰণ উপাৰ্জনৰ শ্ৰমজীৱী লোকসকল বৰ্তমান পৰিস্থিতিত যথেষ্ট সংকটৰ সন্মূখীন হৈছে। তেঁওলোকক কেন্দ্ৰ-ৰাজ্য চৰকাৰে সকাহ দিব লাগিব, কিন্তু সকাহ দিয়াৰ ব্যৱস্থা বৰ্তমান নাই । অসমৰ কৃষকসকলে পাচলি বিক্ৰী কৰিব নোৱাৰি হাহাকাৰ কৰিছে। গাখীৰ বিক্ৰী কৰিব পৰা নাই, মাছ বিক্ৰী কৰিব পৰা নাই, তেনে ক্ষেত্ৰত সেইসকল লোকৰ ভৱিষ্যত কি হ’ব? অথচ তেওঁলোককো সকাহ দিবলৈ অসম চৰকাৰে কোনো পদক্ষেপ এতিয়ালৈ লোৱা নাই। পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ আমি সৰ্বদলীয় বৈঠকত উত্থাপন কৰিছিলো । যিসকলে ঋণ লৈ নানান ক্ষুদ্র বৃত্তিত নিয়োজিত হৈ আছে , সেইসকলৰ ঋণ চৰকাৰে মাফ কৰিব লাগে। তেতিয়াহে মানুহবোৰে সকাহ পাব। কিন্তু চৰকাৰে কোনো ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিব পৰা নাই।’ এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
অন্যহাতে, সাংসদ আৰু বিধায়ক সকলৰ উন্নয়ন পুঁজিৰ ধন সময়মতে মোকলাই দিয়াৰো দাবী জনায়। এই ক্ষেত্ৰতো তেওঁ কয় যে এই পুঁজিৰে বিশেষকৈ গ্ৰামঞ্চলৰ উন্নয়নৰ বহু কাম কৰা হয়। তাৰ ফলত নিয়োগ সৃষ্টি হোৱাৰ লগতে মানুহৰ উপার্জনো বাঢ়ে। এনেক্ষেত্ৰত সেই পুঁজি বন্ধ ৰখাটোৰ কোনো যুক্তিযুক্ততা বিচাৰি নোপোৱা বুলি তেওঁ উল্লেখ কৰে। কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰল, ডিজেলত ৰাজ্য চৰকাৰে পাঁচ টকাকৈ বৃদ্ধি কৰা মূল্য নিৰ্ধাৰিত কৰ প্ৰত্যাহাৰৰো গগৈয়ে চৰকাৰক দাবী জনায়। এই ক্ষেত্ৰত তেঁও কয় যে বিশেষকৈ ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত খেতিয়কসকলে পানী যোগানক লৈ যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত। তেনেদৰে সাধাৰণ ব্যৱসায়ী সকলে সামগ্ৰী কঢ়িওৱাতো অসুবিধাত পৰা বুলি তেওঁ উল্লেখ কৰে। আনহাতে, ৰাজ্যত থকা ক্ষুদ্ৰ উদ্যোগবোৰক সাম্প্ৰতিক জটিল পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে যদি শীঘ্ৰে কোনো আঁচনি ৰূপায়ণ নকৰে তেনেহ’লে অসমত কৰ’নাতকৈয়ো ভয়াবহ পৰিস্থিতি ইয়াৰ ফলতে উদ্ভৱ হ’ব বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীজনে গভীৰ আশংকা ব্যক্ত কৰে।
Exit mobile version