অসম চলচ্চিত্ৰ সমাজৰ প্ৰশংসনীয় পদক্ষেপ

IMG 20200506 WA0020

ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে চৰকাৰে অব্যাহত ৰখা তলাবন্ধৰ ফলত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে অসমৰ শিল্পীসকল ৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়োৱা শিল্পী, কলা-কুশলীসকল কৰ্মহীন হৈ পৰাত তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে । আনকি বহু শিল্পী খাদ্যৰ অভাৱত ভূগিছে । এনে সময়তে শিল্পী কলা-কুশলীসকলক সকাহ দিবলৈ আগবাঢ়ি আহে অসম চলচ্চিত্ৰ সমাজ । আজি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহৰ চৌহদত সমাজৰ তৰফৰ পৰা বেংক অৱ বৰোডাৰ সহযোগত নগাঁৱৰ শতাধিক শিল্পী, কলা -কুশলীক খাদ্যৰ টোপোলা, মাস্ক আৰু চেনিটাইজাৰ আদি বিতৰণ কৰে । এই সামগ্ৰী বিতৰণ অনুষ্ঠানত ভাগ লৈ নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে অন্যান্য ক্ষেত্ৰত নিয়োজিত লোক সকলতকৈ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলৰ সমস্যা বেছি।

 

বিশিষ্ট অভিনেতা যতীন বৰাই কয় যে শিল্পী কলা কুশলী সকলৰ সমস্যা আন ক্ষেত্ৰত নিয়োজিত লোকসকলতকৈ সুকীয়া । তলাবন্ধৰ কাৰণে আমাৰ শিল্পী কলা কুশলীসকল কৰ্মহীন হৈ পৰিছে ৷ আজি এই অনুষ্ঠিত খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত সমাজৰ নগাঁও শাখাৰ সম্পাদক পাৰ্থজিৎ বৰুৱা,গুৱাহাটী শাখাৰ যুটীয়া সম্পাদক মানস বৰুৱা,শিল্পী গুঞ্জন ভৰদ্বাজ, দীপক ৰায়, ধনজিৎ কলিতা, কৃষ্ণমণি নাথ, বৰন বিকাশ, জনন্ত কাকতি, ৰঞ্জিত বৰা আদি বহু বহুকেইজন শিল্পীয়ে অংশ গ্ৰহণ কৰে ৷ আনহাতে শিল্পী তথা সমাজৰ গুৱাহাটী শাখাৰ সম্পাদিকা গৰীমা শইকীয়া গাৰ্গ উপস্থিত থাকিব নোৱাৰিলেও নগাঁৱৰ শিল্পীসকলক তেওঁ শুভেচ্ছা জনায় ৷

Exit mobile version